দুলীয়াজানৰ পাচঁআলিত জৰাজীৰ্ণ বাঁহৰ দলঙেৰে দৈনিক কেইবাশতাধিক ৰাইজে বিপদ সংকুল যাত্ৰা
ডিব্ৰুগড়, ১০ মাৰ্চ (হি.স.)। দুলীয়াজান সমষ্টিৰ এখন বিশেষ দলং। সমষ্টিটোৰ ভাদৈ পাচঁআলি অঞ্চলৰ ৩ নং চপাতলিৰ দলঙখন দেখিলে আপোনাৰো চকু কপালত উঠিব। কেইবাখনো গাঁৱৰ সংযোগী একমাত্ৰ জৰাজীৰ্ণ বাঁহৰ দলঙেৰে দৈনিক কেইবাশতাধিক ৰাইজে বিপদ সংকুল যাত্ৰা কৰিবলগীয়া
দুলীয়াজানৰ পাচঁআলিত জৰাজীৰ্ণ বাঁহৰ দলঙেৰে দৈনিক কেইবাশতাধিক ৰাইজে বিপদ সংকুল যাত্ৰা


ডিব্ৰুগড়, ১০ মাৰ্চ (হি.স.)। দুলীয়াজান সমষ্টিৰ এখন বিশেষ দলং। সমষ্টিটোৰ ভাদৈ পাচঁআলি অঞ্চলৰ ৩ নং চপাতলিৰ দলঙখন দেখিলে আপোনাৰো চকু কপালত উঠিব। কেইবাখনো গাঁৱৰ সংযোগী একমাত্ৰ জৰাজীৰ্ণ বাঁহৰ দলঙেৰে দৈনিক কেইবাশতাধিক ৰাইজে বিপদ সংকুল যাত্ৰা কৰিবলগীয়া হৈছে।

ৰাইজে দলঙৰ ওপৰেৰে চাইকেল অথবা বাইক-স্কুটী পাৰ কৰিব নোৱাৰা অৱস্থা। বিকল্প হিচাপে ডিগবৈ নৈ বুকুৱেদি ৰাইজে যাতায়ত কৰিবলগীয়া হৈছে যদিও বাৰিষা সময়ত সেইয়া অসম্ভৱ হৈ পৰে। প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী,দুবাৰকৈ বিধায়ক তথা ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী আৰু দুটা কাৰ্যকালৰ বাবে বিধায়ক তেৰচ গোৱালাই উক্ত দলংখনৰ নিৰ্মাণৰ বাবে কোনো ধৰণৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰিলে । যাৰফলত ৰাইজৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande