মৰঙিৰ পোৰাবঙলা-চুমনিগাঁৱত বন্যহস্তীৰ উপদ্ৰৱ
গোলাঘাট, ১০ মাৰ্চ (হি.স.)। গোলাঘাট জিলাৰ মৰঙিৰ পোৰাবঙলা-চুমনিগাঁৱত বন্যহস্তীয়ে উপদ্ৰৱ চলায়। মৰঙিৰ পোৰাবঙলা-চুমনিগাঁৱত নিশা ৩টা বন্যহস্তীয়ে জনাঞ্চলত প্ৰৱেশ কৰি দুটাকৈ বাসগৃহ ভাঙি তহিলং কৰে। শত্ৰুঘন কৰ্মকাৰ আৰু চুনীল গুপ্তা নামৰ লোক দুজনৰ ঘৰ ক্ষত
মৰঙিৰ পোৰাবঙলা-চুমনিগাঁৱত বন্যহস্তীৰ উপদ্ৰৱ


গোলাঘাট, ১০ মাৰ্চ (হি.স.)। গোলাঘাট জিলাৰ মৰঙিৰ পোৰাবঙলা-চুমনিগাঁৱত বন্যহস্তীয়ে উপদ্ৰৱ চলায়।

মৰঙিৰ পোৰাবঙলা-চুমনিগাঁৱত নিশা ৩টা বন্যহস্তীয়ে জনাঞ্চলত প্ৰৱেশ কৰি দুটাকৈ বাসগৃহ ভাঙি তহিলং কৰে। শত্ৰুঘন কৰ্মকাৰ আৰু চুনীল গুপ্তা নামৰ লোক দুজনৰ ঘৰ ক্ষতিগ্ৰস্ত কৰে।

ইফালে বনৰীয়া হাতীৰ আক্ৰমণৰ ঘটনাৰ সময়ত ঘৰত থকা মাতৃ আৰু দুই কন্যাই কোনো মতে প্ৰাণ ৰক্ষা কৰে। গাঁওবাসীয়ে হাতীজাক খেদি পঠিয়াই যদিও অঞ্চলটোত এতিয়াও আতংক বিৰাজ কৰি আছে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande