টীয়ক পৌৰসভাৰ অন্তৰ্গত বিভিন্ন স্থানৰ জৰাজীৰ্ণ ৰূপ
যোৰহাট, ১০মাৰ্চ (হি.স.)। ডাবল ইঞ্জিন চৰকাৰৰ দিনতো উন্নয়নৰ অনিৰুদ্ধ গতিয়ে স্পৰ্শ কৰা নাই টীয়ক পৌৰসভাৰ কাৰ্যালয়ৰ গাতে লাগি থকা এটা পথৰ চক্ৰ বিষয়াৰ কাৰ্যালয়, চিকিৎসালয়, টীয়ক পৌৰসভাৰ কাৰ্যালয়, ৰাজহুৱা শ্মশানকে ধৰি গুৰুত্বপূৰ্ণ ৰাজহুৱা প্ৰতিষ্ঠ
টীয়ক পৌৰসভাৰ অন্তৰ্গত বিভিন্ন স্থানৰ জৰাজীৰ্ণ ৰূপ


যোৰহাট, ১০মাৰ্চ (হি.স.)। ডাবল ইঞ্জিন চৰকাৰৰ দিনতো উন্নয়নৰ অনিৰুদ্ধ গতিয়ে স্পৰ্শ কৰা নাই টীয়ক পৌৰসভাৰ কাৰ্যালয়ৰ গাতে লাগি থকা এটা পথৰ চক্ৰ বিষয়াৰ কাৰ্যালয়, চিকিৎসালয়, টীয়ক পৌৰসভাৰ কাৰ্যালয়, ৰাজহুৱা শ্মশানকে ধৰি গুৰুত্বপূৰ্ণ ৰাজহুৱা প্ৰতিষ্ঠান থকা পথটোৰ জৰাজীৰ্ণ অৱস্থাই জলা কলা খুৱাইছে সাধাৰণ জনতাক।

কানসাৰ নাই টীয়ক পৌৰসভাৰ, স্থানীয় বিধায়িকাৰ। কনা হাঁহক পতান দিয়াদি পথটোৰ প্ৰায় ৪০ মিটাৰ দৈৰ্ঘ্য নিৰ্মাণৰ ব্যৱস্থা কৰিলেও যথোপযুক্ত ভাৱে নিৰ্মাণ নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande