
বঙাইগাঁও, ১০ মাৰ্চ (হি.স.)। যোগীঘোপাত চাঞ্চল্যকৰ ঘটনা ।যোগীঘোপাৰ বৰজানা ৩ খণ্ড গাঁৱত কালি আবেলি মৃতদেহ উদ্ধাৰ ।বৰজানা গাঁৱৰ মোজাম্মেল হকৰ বাসগৃহত উদ্ধাৰ হাফিজা খাতুন নামৰ মহিলা গৰাকীৰ মৃতদেহ । মোজাম্মেল হক কৰ্মসূত্ৰে বাহিৰত থকা হেতুকে ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি মহিলা গৰাকী চিপ জৰী লৈ আত্মহত্যা কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ ।
যোগীঘোপাৰ বৰজানা গাঁৱত সংঘটিত হৈছে ৰহস্যজনক ঘটনাটো। হাফিজা খাতুন নামৰ মহিলা গৰাকী বিগত দুদিনৰ পৰা নিখোজ হৈ আছিল আৰু আজি চিপ লৈ থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে ।মহিলা গৰাকীৰ চিপ লৈ আত্মাহত্যা কৰাৰ সন্দেহ যদিও শৰীৰৰ বিভিন্ন অংশত আঘাতৰ চিন স্পষ্ট । মহিলা গৰাকীৰ পিতৃ গৃহৰ পৰিয়ালে ঘটনাটো সন্দেহজনক বুলি দাবী কৰিছে ।ঘটনাস্থলীত যোগীঘোপা আৰক্ষী আৰু অভয়াপুৰী সম জিলা আৰক্ষী অধীক্ষক তথা দণ্ডাধীশ উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে । আৰক্ষীৰ তদন্তত সমগ্ৰ ঘটনা পোহৰ লৈ আহিব বুলি মহিলা গৰাকীৰ পিতৃ পৰিয়ালে আশা প্ৰকাশ কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ