
চিৰাং, ১০ মাৰ্চ (হি.স.)। ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰক্ষীৰ বৃহৎ সফলতা। নিশা বিজনীৰ পাণবাৰী আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী।
জব্দ ১১০.৮৮ গ্ৰাম হেৰোইন। বিজনীত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান। এইবাৰ চিৰাং জিলাৰ পানবাৰীত আৰক্ষীয়ে চলোৱা এক সফল অভিযানত বুজন পৰিমাণৰ হেৰোইন সহ এখন চাৰিচকীয়া বাহন জব্দ কৰে।
নিশা এখন 'ডিজায়াৰ' এএছ-০১জিএইছ-৭৫৩৭ নম্বৰৰ ডিজায়াৰ বাহনেৰে পাতিলাদহাৰ পৰা পানবাৰী অভিমুখে আহি থকা অৱস্থাতে বেদলাংখাইটী পথত পানবাৰী থানাৰ আৰক্ষীয়ে চলোৱা অভিযানত ১০ টা চাবোনৰ বাকচ ভৰ্তি ড্ৰাগছ সহ বাহনখন জব্দ কৰে আৰক্ষীয়ে।
ধৃত ড্ৰাগছ সৰবৰাহকাৰী জনক বঙাইগাঁও জিলাৰ আলিমুদ্দিন বুলি চিনাক্ত কৰা হৈছে। বিজনী মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি দত্ত পাণবাৰী আৰক্ষী চক্ৰ বিষয়া ৰিতুলমণি দাস আৰু পাণবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনয় মালাকাৰৰ নেতৃত্বত চলিছিল এই অভিযান ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা