
বাক্সা, ১০ মাৰ্চ (হি.স.)।
মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ফ্লৰিকান কটেজত অবড়ো সুৰক্ষা সমিতিৰ সংবাদমেল
*অবড়ো সুৰক্ষা সমিতিৰ সভাপতি ললিত হেমৰমে নৱ কুমাৰ শৰণীয়াৰ চক্ৰান্তত অধিবেশনৰ আয়োজন কৰা বুলি উত্থাপিত অভিযোগ ভিত্তিহীন - মাধৱ ৰাজবংশী*
শালবাৰী: ১০ মাৰ্চ
বাক্সা জিলাৰ শালবাৰী মহকুমাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ফ্লৰিকান কটেজত অবড়ো সুৰক্ষা সমিতিৰ এখন সংবাদমেল অনুষ্ঠিত হৈ যায়। আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত দলৰ মাজত হোৱা বিভাজনৰ পৰিপ্ৰেক্ষিতত সংবাদমেল সম্বোধন কৰি অবড়ো সুৰক্ষা সমিতিৰ সম্পাদক মাধৱ ৰাজবংশীয়ে কয় যে অহা ১১ মাৰ্চত বিজনীৰ কালিবাৰীত অনুষ্ঠিত হ'বলগীয়া অবড়ো সুৰক্ষা সমিতি, অসমৰ অধিবেশনৰ প্ৰাকক্ষণত কেন্দ্ৰীয় কমিটীৰ সভাপতি ললিত হেমৰমে জিএছপিৰ প্ৰাক্তন বিষয়ববীয়া কৰ্মীক লৈ সমিতি গঠন কৰা কাৰ্যটো এক দূৰ্ভাগ্যৰ বিষয়। অবড়ো সুৰক্ষা সমিতিৰ সভাপতি ললিত হেমৰমে প্ৰাক্তন সাংসদ নৱ কুমাৰ শৰণীয়াৰ চক্ৰান্তত অধিবেশনৰ আয়োজন কৰা বুলি উত্থাপিত অভিযোগটো ভিত্তিহীন। আমাৰ অধিবেশন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কোনো ব্যক্তি অথবা ৰাজনৈতিক দলৰ কোনো অভিসন্ধি নাই। এইটো স্পষ্ট কথা।
কেন্দ্ৰীয় কমিটীৰ দুখনকৈ কাৰ্যকৰী সভাত লোৱা প্ৰস্তাৱ অনুসৰিহে এইখন অধিবেশনৰ আয়োজন কৰা হৈছে। আমি সামাজিক সংগঠন হিচাপে বিভিন্ন লোকৰ পৰা বৰঙণি লোৱাটোৱে কাৰোবাৰ অভিসন্ধি নুবুজায়। কাৰণ অধিবেশন অনুষ্ঠিত কৰিলে বিভিন্ন বিশিষ্ট ব্যক্তিক মুকলি সভাত আমন্ত্ৰণ কৰিবই লাগিব। গতিকে তেনে ক্ষেত্ৰত সভাপতি গৰাকীয়ে কৰা কথাটো এক নাভূত নাশ্ৰুত কথা হৈছে।
অবড়ো সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় কমিটীৰ এনেধৰণৰ ষড়যন্ত্ৰৰ কথা আমি কেতিয়াও সফল হ'ব নিদিম বুলি উল্লেখ কৰি সম্পাদক ৰাজবংশীয়ে পুনৰ কয়, তেওঁ কৰা অভিযোগ মতে আমাৰ ইয়াত কোনো নৱ কুমাৰ শৰণীয়াৰ এজেন্ট নাই। আনকি তেওঁৰ পিছতহে কোনোবা বিভাজনকামী ব্যক্তি আছে। এই সংবাদমেলৰ জৰিয়তে আমি আজি ললিত হেমৰমক এই কাৰ্যৰ পৰা আঁতৰি থাকিবলৈ উনুকিয়াই দিছোঁ আৰু অধিবেশনত উপস্থিত থাকিবলৈ আহ্বান জনাইছোঁ।
সংবাদ মেলত অবড়ো সুৰক্ষা সমিতিৰ উপদেষ্টা সৰ্বেশ্বৰ ডেকা, গণেশ চন্দ্ৰ নাথকে আদি কৰি কেবাগৰাকী বিষয়ববীয়াই অংশগ্ৰহণ কৰে।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা