
ওদালগুৰি, ১০ মাৰ্চ (হি.স.)। ওদালগুৰিত ২০ বছৰে সম্পূৰ্ণ নহ'ল এখন দলং।যমৰ যাতনা ভুগিবলগীয়া হৈছে পথটোৰে অহা-যোৱা কৰা সাধাৰণ ৰাইজে ।ৰাজ্যিক পথ লোকৰ্নিমান বিভাগৰ হেমাহী আৰু ঠিকাদাৰৰ দূৰ্নীতি।ওদালগুৰি চহৰৰ পৰা ৩ কিলোমিটাৰ দূৰত্বত অৱস্থিত গলন্দী নদীৰ ওপৰত দলং।প্ৰথম অৱস্থাত চিমপ্লেক্স কোম্পানীয়ে নিৰ্মাণ কাৰ্য কৰিছিল যদিও দলং খন নিৰ্মাণ সম্পূৰ্ণ নহ'ল ।
তাৰ পিছত প্ৰভু আগৰৱালা নামৰ এজন ঠিকাদাৰে নিৰ্মাণ কাৰ্য হাতত লৈছিল যদিও তেওঁ সম্পূৰ্ণ কৰিব নোৱাৰিলে।দলং খন মাজ অংশ বহি যোৱাত যিকোনো মুহূৰ্তত দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা। ভাৰত ভূটান সীমান্তৰ গুৰুত্বপূৰ্ণ এই দলং খন। চিনা যুদ্ধত এই দলংখন ব্যৱহাৰ কৰিছিল সৈন্য বাহিনীয়ে।শোণিতপুৰ জিলাৰ পৰা ৰৌতা হৈ ওদালগুৰি চহৰৰ মাজেৰে তামুলপুৰ হৈ কোকৰাঝাৰ যোৱাৰ মুল পথ এইটো আছিল।এতিয়া ৰাইজে দলংখনৰ দায়িত্বত থকা বিভাগীয় বিষয়া আৰু ঠিকাদাৰৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ