গোসাঁইগাঁৱত থলুৱা ব্ৰইলাৰ মুৰ্গীৰ ব্যৱসায়ীৰ পৰা ছিণ্ডিকেট চক্ৰৰ ধন দাবী
কোকৰাঝাৰ, ১০ মাৰ্চ (হি.স.)। গোসাঁইগাঁৱত থলুৱা ব্ৰইলাৰ মুৰ্গীৰ ব্যৱসায়ীৰ পৰা ছিণ্ডিকেট চক্ৰই ধন দাবী কৰাৰ অভিযোগ।কোকৰাঝাৰত কাৰ ছত্ৰ- ছায়াত চলিছে ব্ৰইলাৰ চিণ্ডিকেট ।কাৰ আশীৰবাদত সক্ৰিয় হৈ পৰিছে চিণ্ডিকেট চক্ৰ । কোকৰাঝাৰ জিলাৰ কচুগাওঁ আৰু পাটগাওঁত ছ
গোসাঁইগাঁৱত থলুৱা ব্ৰইলাৰ মুৰ্গীৰ ব্যৱসায়ীৰ পৰা ছিণ্ডিকেট চক্ৰৰ ধন দাবী


কোকৰাঝাৰ, ১০ মাৰ্চ (হি.স.)। গোসাঁইগাঁৱত থলুৱা ব্ৰইলাৰ মুৰ্গীৰ ব্যৱসায়ীৰ পৰা ছিণ্ডিকেট চক্ৰই ধন দাবী কৰাৰ অভিযোগ।কোকৰাঝাৰত কাৰ ছত্ৰ- ছায়াত চলিছে ব্ৰইলাৰ চিণ্ডিকেট ।কাৰ আশীৰবাদত সক্ৰিয় হৈ পৰিছে চিণ্ডিকেট চক্ৰ ।

কোকৰাঝাৰ জিলাৰ কচুগাওঁ আৰু পাটগাওঁত ছিণ্ডিকেট বাহিনীয়ে থলুৱা ব্ৰইলাৰ মুৰ্গীৰ ব্যৱসায়ীসকলৰ প্ৰতিখন বাহনৰ পৰা ২০, ০০০ ৰ পৰা ২৫,০০০ টকা ধন দাবী কৰা গুৰুতৰ অভিযোগ উত্থাপিত কৰে। থলুৱা ব্ৰইলাৰ ব্যৱসায়ী সকলৰ মাজত হাহাকাৰ সৃ্ষ্টি হয় ।কালি বিয়লি ব্যৱসায়ী সকলে গোসাঁইগাওঁ মহকুমাধিপতি কাৰ্য্যলয়ত লিখিত অভিযোগ দাখিল কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande