
ৰিনিকী ভূঞা শৰ্মালৈ ডি লিট উপাধি প্ৰদান
শোণিতপুৰ, ১০ মাৰ্চ (হি.স.)। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম খন মহিলা বিশ্ববিদ্যালয় অসম মহিলা বিশ্ববিদ্যালয়ৰ কলিয়াপানীস্থিত নৱ নিৰ্মিত চৌহদত আজি অনুষ্ঠিত হয় বিশ্ববিদ্যালয়ৰ পঞ্চম দীক্ষান্ত সমাৰোহ অনুষ্ঠান। এই সমাৰোহত অসম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° অজন্তা বৰগোহাঁইয়ে আদৰণি ভাষণ প্ৰদান কৰি কয় যে অসম মহিলা বিশ্ববিদ্যালয়ৰ দৃষ্টিভংগী হৈছে এনে এক উৎকৃষ্টতাৰ কেন্দ্ৰ গঢ়ি তোলা যিয়ে মহিলাসকলক বৌদ্ধিক, পেছাগত আৰু সামাজিক দিশত উন্নত কৰি তোলে ।
এই বিশ্ববিদ্যালয়ৰ স্থাপনৰ লক্ষ্য হৈছে মহিলাসকলক জ্ঞান, আত্মবিশ্বাস আৰু দক্ষতাৰে সমৃদ্ধ কৰা, যাতে তেওঁলোকে সমাজ আৰু দেশ গঢ়াৰ কামত অৰ্থবহ অৱদান আগবঢ়াব পাৰে। এই অনুষ্ঠানত অসমৰ ৰাজ্যপাল তথা অসম মহিলা বিশ্ববিদ্যালয়ৰ আচাৰ্য লক্ষ্মন প্ৰসাদ আচাৰ্যই কয় যে নতুন শিক্ষা নীতিৰ আধাৰত হাতত লোৱা পাঠ্যক্ৰমে বিশেষ প্ৰভাৱ পেলাব বুলিও মন্তব্য কৰে। এই সমাৰোহত উত্তৰ পূব পাৰ্বত্য বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ষ্ট্ৰীম লেট দিখাৰ, বিশিষ্ট অতিথি হিচাপে উপস্থিত থকাৰ উপৰি মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীও উপস্থিত থাকে।অনুষ্ঠানত মহিলা বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° বিনোদ বৰাও উপস্থিত থাকে। এই সমাৰোহত ১৫ টা বিভাগত মুঠ ৩৬০ গৰাকী শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান কৰা হয়।
উল্লেখযোগ্য যে এই অনুষ্ঠানতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাক সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে সন্মানীয় ডি লিট উপাধি প্ৰদান কৰা হয়। ইপিনে ডি লিট সন্মানেৰে বিভূষিত ৰিণিকি ভূঞা শৰ্মাই এই সন্মান লাভ কৰি তেওঁ অভিভূত বুলি উল্লেখ কৰাৰ লগতে অধিক দায়বদ্ধ কৰিলে বুলি মন্তব্য কৰে ।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু