অসম চাহ শ্ৰমিকৰ মজুৰি ₹৩০ বৃদ্ধি
গুৱাহাটী, ১০ মাৰ্চ (হি.স.)। আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ অসমৰ চাহ শ্ৰমিকৰ মজুৰি ৩০ টকা মজুৰি বৃদ্ধিৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মাত্ৰ কিছুদিন পূৰ্বে, বিধানসভা নিৰ্বাচনৰ মাজতে ₹৩০ মজুৰি বৃদ্ধিৰ কথা ঘোষণা কৰিছিল।
असम के मुख्यमंत्री द्वारा सोशल मीडिया पर चाय मजदूरी में की गयी वृद्धि से संबंधित पोस्टर


গুৱাহাটী, ১০ মাৰ্চ (হি.স.)। আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ অসমৰ চাহ শ্ৰমিকৰ মজুৰি ৩০ টকা মজুৰি বৃদ্ধিৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মাত্ৰ কিছুদিন পূৰ্বে, বিধানসভা নিৰ্বাচনৰ মাজতে ₹৩০ মজুৰি বৃদ্ধিৰ কথা ঘোষণা কৰিছিল। আজি তেওঁ এই বৃদ্ধিৰ অনুমোদন জনায়।

ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি মুখ্যমন্ত্রীয়ে কয়, আমাৰ চাহ বাগিচাৰ ভাই-ভনীসকলৰ কঠোৰ পৰিশ্ৰমে আমাৰ মাটিৰ সুগন্ধি মূৰ্ত কৰি তুলিছে। তেওঁলোকৰ সন্মান আৰু উন্নয়নৰ বাবে আমাৰ চৰকাৰে পুনৰবাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। আমি তেওঁলোকৰ দৈনন্দিন মজুৰি বৃদ্ধি কৰিছো।

২০২১ চনৰ পৰা ধাৰাবাহিকভাৱে বৃদ্ধি পোৱাৰ লগে লগে চাহ শ্ৰমিকৰ অধিকাৰ আৰু মৰ্যাদা নিশ্চিত কৰাৰ দিশত আমাৰ যাত্ৰা অব্যাহত আছে। তেওঁলোকৰ কল্যাণ আৰু উন্নয়নৰ বাবে এই প্ৰচেষ্টা অব্যাহত থাকিব।

মুখ্যমন্ত্রীয়ে ২০২১ চনৰ পৰা মজুৰি বৃদ্ধিৰ বছৰেকীয়া চাৰ্টও শ্বেয়াৰ কৰে।ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাৰ মজুৰিৰ হাৰ বৃদ্ধি পৃথকে পৃথকে দেখুওৱা হৈছে। চাৰ্ট অনুসৰি আজিৰ পৰা মজুৰিৰ হাৰ ₹৩০ বৃদ্ধি কৰা হৈছে। বৰ্ধিত হাৰ এতিয়া ব্ৰহ্মপুত্ৰ উপত্যকাত ২৮০ ₹ আৰু বৰাক উপত্যকাত ২৫৮ ₹ ধাৰ্য্য কৰা হৈছে ।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande