
গুৱাহাটী, ১০ মাৰ্চ (হি.স.)। ১৯৩৫ চনৰ ১০ মাৰ্চত প্ৰথমখন অসমীয়া ছবি জয়মতীৰ ঐতিহাসিক মুক্তিৰ স্মৃতিত মুখ্যমন্ত্ৰীয়ে অসমৰ চিনেমা উদ্যোগৰ সৈতে জড়িত সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।
আজি ছ’চিয়েল মিডিয়াত এটা বাৰ্তা শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ চলচ্চিত্ৰ ইতিহাসে এক ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হৈছিল যেতিয়া অসমলৈ অভূতপূৰ্ব সাফল্যৰ বাৰ্তা কঢ়িয়াই অনা জয়মতী ছবিখন ১৯৩৫ চনৰ ১০ মাৰ্চত কলকাতাৰ ৰোনাক প্ৰেক্ষাগৃহত মুক্তি লাভ কৰিছিল ।
সেই অভিজ্ঞতাৰ গভীৰতা সাহিত্যিক লক্ষ্মীনাথ বেজবৰুৱাই বর্ণনা কৰি যোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী শৰ্মাই কয় যে, “দুঘণ্টাৰ বাবে আহোম ৰাজ্যত প্রৱেশ কৰাৰ দৰে অনুভৱ হৈছিল৷” অসমীয়া চিনেমাৰ যাত্ৰা আৰম্ভ হোৱা এই স্মৰণীয় দিনটোক স্মৰণ কৰি আমি ছবিখনৰ প্ৰযোজক ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালালৈ শ্ৰদ্ধাঞ্জলি জনাইছো। লগতে অসমৰ চিনেমা উদ্যোগৰ লগত জড়িত প্ৰতিজন ব্যক্তিলৈ আন্তৰিক শুভেচ্ছা।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ