অসমৰ ৪০ লাখ 'অৰুণোদয়' হিতাধিকাৰীয়ে আজি লাভ কৰিব ₹৯,০০০কৈ : ড° শৰ্মা
গুৱাহাটী, ১০ মাৰ্চ (হি.স.)। অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৰাইজক দিয়া প্রতিশ্রুতি পূৰণৰ বাবে অহৰহ চেষ্টা কৰি থকা বুলি উল্লেখ কৰে৷ তেওঁ উল্লেখ কৰে যে অৰুণোদয় আঁচনিৰ অধীনত তেওঁ অতিৰিক্ত অনুদানকে ধৰি ₹৯,০০০ টকা চাৰি মাহৰ বাবে হস্তান্তৰ কৰি
असमः मुख्यमंत्री द्वारा सोशल मीडिया पर जारी पोस्टर


গুৱাহাটী, ১০ মাৰ্চ (হি.স.)। অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৰাইজক দিয়া প্রতিশ্রুতি পূৰণৰ বাবে অহৰহ চেষ্টা কৰি থকা বুলি উল্লেখ কৰে৷ তেওঁ উল্লেখ কৰে যে অৰুণোদয় আঁচনিৰ অধীনত তেওঁ অতিৰিক্ত অনুদানকে ধৰি ₹৯,০০০ টকা চাৰি মাহৰ বাবে হস্তান্তৰ কৰিব। ইয়াৰ দ্বাৰা ৰাজ্যৰ ৪০ লাখৰো অধিক ‘আই মাত্রী’ মহিলা উপকৃত হ’ব৷ এই তথ্য মুখ্যমন্ত্ৰীয়ে ফেচবুকত এটা পোষ্ট যোগে শ্বেয়াৰ কৰে।

তেওঁ উল্লেখ কৰে যে অসম চৰকাৰ সদায় মাতৃ-ভগ্নীসকলৰ সৱলীকৰণৰ প্ৰতি, আৰু পৰিয়ালৰ সুৰক্ষা আৰু মৰ্যাদা বৃদ্ধিৰ প্ৰতি দায়বদ্ধ হৈ থাকিব।

উল্লেখযোগ্য যে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে ৰাজ্যৰ মহিলাসকলৰ বাবে মুখ্যমন্ত্ৰীয়ে এক বৃহৎ ঘোষণা কৰে। তেওঁ কয় যে ব’হাগ বিহু উৎসৱৰ বাবে চাৰি মাহৰ অনুদান আৰু অতিৰিক্ত ধনসহ মুঠ ৯,০০০ টকা অসমৰ ‘অৰুণোদয়’ আঁচনিৰ প্ৰায় ৪০ লাখ মহিলা হিতাধিকাৰীৰ বেংক একাউণ্টলৈ একেলগে স্থানান্তৰ কৰা হ’ব।

এই আঁচনিৰ অধীনত ৰাজ্য চৰকাৰে এদিনতে হিতাধিকাৰীৰ একাউণ্টলৈ প্ৰায় ৩,৬০০ কোটি ₹ হস্তান্তৰ কৰিব, যিটো এক অভিলেখ বেংকিং লেনদেন।

‘অৰুণোদয়’ আঁচনিৰ জৰিয়তে অসম চৰকাৰৰ দৰিদ্ৰতা নিৰাময়ৰ এক বৃহৎ কাৰ্যসূচী। এই আঁচনিৰ অধীনত আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ যোগ্য মহিলা সদস্যসকলক তেওঁলোকৰ পৰিয়ালৰ মৌলিক প্ৰয়োজনীয়তা পূৰণৰ বাবে প্ৰতিমাহে ₹১,২৫০ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হয়।

ৰাজ্যজুৰি অনুষ্ঠিত হৈ থকা সভাত অংশ ল’বলৈ হিতাধিকাৰী পৰিয়ালক আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে। তেওঁ উল্লেখ কৰে যে চৰকাৰৰ শক্তি জনসাধাৰণৰ সমৰ্থনৰ পৰাই আহে।

চৰকাৰে মহিলা সৱলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিত্তীয় সুৰক্ষা, শিক্ষা, স্বাস্থ্যসেৱা, উদ্যোগীকৰণ আদি ক্ষেত্ৰত বিভিন্ন পদক্ষেপে লাখ লাখ মহিলাক আত্মবিশ্বাস আৰু স্বাধীনতা প্ৰদান কৰিছে।

মুখ্যমন্ত্রী কার্যালয়ৰ তথ্য অনুসৰি কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ কেবাখনো আঁচনিয়ে ৰাজ্যৰ মহিলাসকলক যথেষ্ট সুবিধা প্ৰদান কৰিছে৷ ইয়াৰ ভিতৰত প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত ৫১ লাখৰো অধিক এলপিজি সংযোগ আৰু ৫৯ লাখৰো অধিক পৰিয়ালক নলৰ পানীৰ সংযোগ প্ৰদান কৰা।

ইয়াৰ উপৰিও ৰাজ্যখনত ৫.৫ লাখৰো অধিক লখপতি দিদিছ সৃষ্টি কৰা হৈছে, ৯০০ৰো অধিক মহিলা ষ্টাৰ্টআপক সহায় কৰা হৈছে, আৰু প্ৰায় ৫৬,০০০ অংগনবাদী কৰ্মীক প্ৰশিক্ষণ দিয়া হৈছে। অসম চৰকাৰে উল্লেখ কৰিছে যে এই পদক্ষেপসমূহৰ লক্ষ্য হৈছে মহিলাসকলক অৰ্থনৈতিক আৰু সামাজিকভাৱে সবলীকৰণ কৰা।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande