
মৰিগাঁও, ১০ মাৰ্চ (হি.স.)। ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অৰুনোদই আঁচনি খনৰ শুভাৰম্ভ কৰাৰ লগে লগে সমান্তৰালভাৱে মৰিগাঁও জিলাখনতো এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মৰিগাঁও বিধান সভা সমষ্টিৰ সদৰৰ লগতে চাৰিটা কৈ স্থানত অনুষ্ঠিত হয় আঁচনি খন। মৰিগাঁও জিলাত সৰ্ব্বমুঠ ১ লাখ ১ হাজাৰ ১৭৯ গৰাকী হিতাধিকাৰীৰ একাউণ্টত জমা হব অৰুণোদয় আঁচনিৰ ধন ৷
মৰিগাঁও পৌৰসভা এলেকাৰ ১১ ৱাৰ্ডৰ ৪০০২ গৰাকী মহিলাৰ বেংক একাউণ্টত ৯০০০ টকাকৈ অৰুণোদয় ধন জমা হয়। মৰিগাঁও সদৰ সমষ্টিৰ বহুসংখ্যক মহিলাই অনুষ্ঠানত অংশ গ্ৰহণ কৰি হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনায়।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু