
শিৱসাগৰ, ১০ মাৰ্চ (হি.স.)। শিৱসাগৰত অখিল গগৈ নিৰ্বাচনত জয়ী হোৱাটো কঠিন হ'ব। বিধায়ক প্ৰদীপ হাজৰিকাক টিকট দিলে নিৰ্বাচনত জয়ী হ'বলৈ কিছু কষ্ট কৰিব লাগিব। এই মন্তব্য খোদ শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ।
আজি শিৱসাগৰ সমষ্টিৰ জাঁজীত নিৰ্বাচনী প্ৰচাৰ চলায় অখিল গগৈয়ে। অখিল গগৈয়ে আক্ৰমণৰ লক্ষ্য কৰি লয় কুশল দুৱৰীক। কুশল দুৱৰীক হত্যাকাৰী আখ্যা দিয়ে অখিল গগৈয়ে। শিৱসাগৰত হত্যাকাৰীক ৰাইজে ভোট নিদিয়ে।
মিত্ৰতা সন্দৰ্ভত কয় যে গৌৰৱ গগৈ কেতিয়াবা নৰম আৰু কেতিয়াবা গৰম। গৌৰৱ গগৈৰ মতে ৰাইজৰ দল নচলে। কংগ্ৰেছৰ লগত মিত্ৰতা হ'লে ভাল নহ'লে যমকাল।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু