
নতুন দিল্লী, ১০ মাৰ্চ (হি.স.)। টাটা নেতৃত্বাধীন এয়াৰ ইণ্ডিয়া এয়াৰলাইন্স আৰু এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে মঙলবাৰে পশ্চিম এছিয়াৰ চহৰসমূহলৈ মুঠ ৬০খন বিমান চলাব, য’ত সংযুক্ত আৰব আমিৰশ্বাহীলৈ ৩২খন বিমান আছে।
এয়াৰ ইণ্ডিয়াই এক্স-প’ষ্টত এক বিবৃতিত প্ৰকাশ কৰা অনুসৰি আজি এয়াৰ ইণ্ডিয়া আৰু এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে যৌথভাৱে জেদ্দালৈ অহা-যোৱা কৰিবলৈ ১৪খন বিমান চলাব, আনহাতে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে মাস্কাটলৈ অহা-যোৱা কৰিবলৈ ১৪খন বিমান চলাব। ইয়াৰ লগে লগে বিমান সংস্থা দুটাৰ দ্বাৰা পৰিচালিত বিমান সেৱাৰ সংখ্যা ২৮খনলৈ বৃদ্ধি পাইছে।
সোমবাৰে ইয়াৰ পূৰ্বে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে, “নিৰ্ধাৰিত সেৱাৰ উপৰিও এয়াৰ ইণ্ডিয়া আৰু এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে ১০ মাৰ্চত ভাৰতৰ চহৰ আৰু সংযুক্ত আৰব আমিৰশ্বাহীৰ মাজত মুঠ ৩২খন বিমান চলাব।” এই ৩২খন বিমান ভাৰতৰ বিভিন্ন চহৰৰ পৰা ডুবাই, আবুধাবি, শ্বাৰজাহ, আৰু ৰাছ আল খাইমালৈ অহা-যোৱা কৰিব। এয়াৰ ইণ্ডিয়াই পশ্চিম এছিয়াৰ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে আৰু পৰিস্থিতি সলনি হোৱাৰ লগে লগে অধিক আপডেট প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া