
ওদালগুৰি, ১০ মাৰ্চ (হি.স.)। ছাত্ৰ ৰাজনীতি এৰি অচিৰেই সক্ৰিয় ৰাজনীতিলৈ আহিব নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বীপেন বড়োৰ । বিটিচিৰ ভুমিত থকা সকলো ছাত্ৰ সন্থাৰ উমৈহতীয়া মঞ্চ চিচিবিটিআৰৰ তৰফৰ পৰা পূৰ্ণ সমৰ্থন লাভ আৰু আদৰণি সভাপতি দ্বীপেন বড়োৰ। ওদালগুৰিস্থিত আবছুৰ কাৰ্যালয়ত কালি বিয়লি ত্ৰিশটা ছাত্ৰ সংগঠনেৰে গঠিত চিচিবিটিআৰৰ গুৰুত্বপূৰ্ণ বৈঠক। বৈঠকৰ অন্তত সক্ৰিয় ৰাজনীতিলৈ আহিবলৈ ইচ্ছা প্ৰকাশ দ্বীপেন বড়োৰ।
২৫ বছৰীয়া ছাত্ৰ ৰাজনীতিৰ দীঘলীয়া পৰিক্ৰমাত সকলো জাতি জনগোষ্ঠীৰ হৈ কাম কৰি আহিছে দ্বীপেন বড়োৱে। দীৰ্ঘদিনীয়া ত্যাগৰ বাবেই ৰাজনীতিৰ উৰ্ধত থাকিএক মসৃন সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ এক পৰিবেশ প্ৰদান কৰিবলৈ সকলো ৰাজনৈতিক দলক আহ্বান দ্বীপেন বড়োৰ। আঞ্চলিকতাবাদী ৰাজনীতি নে ৰাষ্ট্ৰীয়তাবাদী ৰাজনীতি কৰিব দ্বীপেন বড়োৱে সেয়া অচিৰেই স্পষ্ট কৰিব স্বয়ং দ্বীপেন বড়োৱে। কিছুদিন পূৰ্বে হাগ্ৰামা মহিলাৰীয়ে বিপিএফলৈ আমন্ত্ৰণ জনোৱা বিষয়টোক শ্ৰদ্ধা জনালে সভাপতি গৰাকীয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ