মধ্য গুৱাহাটীত অসম গণ পৰিষদৰ বিশাল সংকল্প সমাৰোহ
গুৱাহাটী, ০১ মাৰ্চ (হি.স.)। গুৱাহাটী মহানগৰ জিলাৰ পাঁচ সমষ্টিৰ ভিতৰত মধ্য গুৱাহাটী সমষ্টিত আজি শাকসীয় মিত্ৰ অসম গণ পৰিষদ (অগপ) দলে বিশাল সংকল্প সমাৰোহৰ জৰিয়তে নিৰ্বাচনী ৰণশিঙা বজায়। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত পশ্চিম গুৱাহাটী সমষ্টিটো নোহোৱা হৈ নতু
মধ্য গুৱাহাটীত অসম গণ পৰিষদৰ বিশাল সংকল্প সমাৰোহ


গুৱাহাটী, ০১ মাৰ্চ (হি.স.)। গুৱাহাটী মহানগৰ জিলাৰ পাঁচ সমষ্টিৰ ভিতৰত মধ্য গুৱাহাটী সমষ্টিত আজি শাকসীয় মিত্ৰ অসম গণ পৰিষদ (অগপ) দলে বিশাল সংকল্প সমাৰোহৰ জৰিয়তে নিৰ্বাচনী ৰণশিঙা বজায়। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত পশ্চিম গুৱাহাটী সমষ্টিটো নোহোৱা হৈ নতুনকৈ মধ্য গুৱাহাটী (চেণ্ট্ৰেল) সমষ্টি হয় । অগপৰ পূৰ্বৰ পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক তথা ৩০ বছৰ ধৰি সমষ্টিটোৰ প্ৰতিনিধিত্ব কৰি অহা ৰমেন্দ্ৰ নাৰায়ণ কলিতাই এইবাৰ মধ্য গুৱাহাটী সমষ্টিৰ পৰা নিৰ্বাচন খেলিব বিচাৰিছে । মিত্রদল বিজেপিয়ে অগপক মধ্য গুৱাহাটী সমষ্টিটো এৰি দিব নে নাই সেই কথা এতিয়াও নিশ্চিত হোৱা নাই ৷ কিন্তু এই অনিশ্চয়তাৰ মাজতে দেওবাৰে আৰ্য বিদ্যাপীঠ মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত কৰা হয় অগপৰ বিশাল 'সংকল্প সমাৰোহ' ।

অগপৰ মধ্য গুৱাহাটী বিধানসভা সমষ্টি সমিতিৰ উদ্যোগত আয়োজন কৰা 'সংকল্প সমাৰোহ'ৰ যোগেদি অগপই গুৱাহাটীত নিৰ্বাচনৰ ৰণশিঙা বজায় । সমাৰোহত অংশগ্ৰহণ কৰি অগপৰ সভাপতি অতুল বৰাই কয়, নিৰ্বাচনলৈ বেছি দিন নাই । দলৰ কৰ্মকৰ্তাসকলে দলটোক শক্তিশালী কৰিবলৈ ৰাজ্যজুৰি অহোপুৰুষাৰ্থ কৰিছে । বহুত প্ৰত্যাহ্বান আহিছে যদিও আমি সকলো নেওচি আগুৱাই গৈছো । ৰাইজৰ তেজেৰে গঢ়া অগপ দলটোক আমি ৰাইজৰ মাজত জীয়াই ৰাখিব লাগিব । অগপ শক্তিশালী মানে আঞ্চলিকতাবাদ শক্তিশালী । তেওঁ কয় যে দীঘলীয়া অসম আন্দোলনৰ ফলশ্ৰুতিত অসম চুক্তি হৈছিল আৰু অসম চুক্তি ৰূপায়ণৰ বাবেই অগপৰ জন্ম । অগপ দল দুবাৰ শাসনত আছিল যদিও কেন্দ্ৰত থকা চৰকাৰৰ সমৰ্থন নোপোৱা বাবেই আমি সফল হ'ব নোৱাৰিলো । যাৰ বাবে অসমৰ ৰাইজে আমাক শাসনলৈ অহাৰ সুবিধা নিদিলে । এন ডি এৰ অংশীদাৰ হৈ দলটোৱে বহুত কাম কৰিব পাৰিছে । অসম চুক্তি ৰূপায়ণৰ ক্ষেত্রত আমি আগুৱাই যাব পাৰিছো । বিদেশীক পুচবেক কৰিব পাৰিছে। সভাপতিগৰাকীয়ে পুনৰ কয়, অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ অধিকাৰ, পৰিচয় আৰু স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে অসমবাসীৰ ত্যাগৰ বিনিময়ত অগপ দল প্ৰতিষ্ঠা হৈছিল আৰু প্ৰতিষ্ঠাকালৰে পৰা অগপই অসম-অসমীয়াৰ হকে সমৰ্পিতভাৱে কাম কৰি আহিছে । অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে অনাগত দিনবোৰতো অগপৰ গৌৰৱ ধ্বজা ধৰি ৰাখি আমি সেৱা আগবঢ়াই যোৱাৰ বাবে সংকল্পবদ্ধ ।

বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ প্ৰশংসা কৰি সভাপতি বৰাই কয় যে বিধায়ক কলিতা সমাজ জীৱনৰ লগত জড়িত ব্যক্তি । এজন বিধায়ক হিচাপে কৰণীয়খিনি তেওঁ কৰি আহিছে । তেওঁ সমষ্টিৰ ৰাইজৰ মাজতে থাকে । বিধানসভাত তেওঁ সমষ্টিক লৈ সৰৱ হৈ থাকে । সমস্যাৰ সমাধানৰ বাবে সবলভাৱে বিধানসভাত উত্থাপন কৰি আহিছে । সংকল্প সমাৰোহত অংশ গ্ৰহণ কৰি অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই কয় যে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা ৩০ বছৰ বিধানসভাত আছে । তেওঁ বিধানসভাৰ পৰা কিবা নহয় কিবা উন্নয়নৰ কাম আনে । তেওঁ বিধানসভাত সদায়ে সৰৱ হৈ থাকে । তেওঁ সমষ্টিক লৈ সদায় সচেতন আৰু বিধানসভাৰ পৰা সমষ্টিবাসীৰ বাবে কিবা নহয় কিবা আদায় কৰি আনে । তেওঁ আৰু কয় যে অগপ বিজেপিৰ অংশীদাৰ । মিত্ৰজোঁটত থাকি অসম চুক্তিৰ বহু দফা ৰূপায়ণ কৰিবলৈ সক্ষম হৈছো । ১০ লাখ লোকে মাটিৰ পট্টা পাইছে । আমি অসমৰ উন্নয়ণৰ অংশীদাৰ হৈছো । মিত্ৰজোঁটৰ চৰকাৰখনত ৰাইজে বিচৰা ধৰণে উন্নয়ন লাভ কৰিছে । খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত হৈছে । ৰমেন্দ্ৰ নাৰায়ণ কলিতাক আপোনালোকে আশীৰ্বাদ দিব লাগিব যাতে মিত্রজোঁটৰ চৰকাৰখন পুনৰ আহে । সমাৰোহত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতায়ো ভাষণ আগবঢ়ায় ।

সংকল্প সমাৰোহত লোকসভাৰ সাংসদ তথা জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী, ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, কেন্দ্ৰীয় সমিতিৰ ডাঃ কমলা কলিতা, মনোজ শইকীয়া, সুনীল ডেকা, ধৰ্মেশ্বৰ ৰয়, ডাঃ জয়নাথ শৰ্মা, হিৰণ্য কোঁৱৰ, অপূৰ্ব ভট্টাচাৰ্য, অংশুমান দত্ত, কিশোৰ দাসকে ধৰি দলৰ ভালেসংখ্যক নেতা-কৰ্মী উপস্থিত থাকে ।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande