
গুৱাহাটী, ০১ মাৰ্চ (হি.স.)। হিয়াৰ আমঠু জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত আজি নতুন গীত ‘নাহৰ’ উন্মোচন কৰা হয়। জনপ্ৰিয় কন্ঠশিল্পী মৰ্মিতা মিত্ৰ আৰু জিতেন কলিতাৰ কণ্ঠৰে নতুন গীত ‘নাহৰ’ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় । সোণাপুৰৰ 'জুবিন ক্ষেত্ৰ'ত এক আৱেগিক পৰিৱেশত এই উন্মোচনী অনুষ্ঠান সম্পন্ন হয় ।
গীতটি মুকলি কৰাৰ পূৰ্বে কন্ঠশিল্পী মৰ্মিতা মিত্ৰই অসমৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । জুবিন গাৰ্গক স্মৰণ কৰি শিল্পীগৰাকী যথেষ্ট আৱেগিক হৈ পৰে । উল্লেখ্য যে, জুবিন গাৰ্গৰ অবিহনে এইবাৰ অসমবাসীয়ে প্ৰথমবাৰৰ বাবে ৰঙালী বিহু উদযাপন কৰিবলগীয়া হোৱা বিষয়টোৱে শিল্পীগৰাকীক ব্যথিত কৰি তোলে ।
মৰ্মিতা মিত্ৰই সংবাদ মাধ্যমৰ আগত কয়, জুবিন দা আমাৰ মাজত শাৰীৰিকভাৱে নাই, সেই কথা আজিও আমি কল্পনা কৰিব নোৱাৰোঁ । আজি মই যি পৰিচয় পাইছোঁ বা যি স্থানত আছোঁ, সেয়া কেৱল জুবিন দাৰ বাবেই সম্ভৱ হৈছে । মৰ্মিতাই তেওঁৰ সংগীত জীৱনত জুবিন গাৰ্গৰ অৱদানৰ কথা শ্ৰদ্ধাৰে সোঁৱৰে ।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া