প্ৰধানমন্ত্ৰীৰ তামিলনাডুত ৪,৪০০ কোটি ₹ৰ উন্নয়নমূলক প্ৰকল্প উদ্বোধন, তিৰুপৰাকুন্দ্ৰম মুৰুগান মন্দিৰ দৰ্শন
মাদুৰাই, ০১ মাৰ্চ (হি.স.)। দুদিনীয়া তামিলনাডু ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে মাদুৰাইৰ বিখ্যাত তিৰুপৰাকুন্দ্ৰম মুৰুগান মন্দিৰ পৰিদৰ্শন কৰি ভগৱান মুৰুগনৰ দৰ্শন তথা পূজা অৰ্চনা আগবঢ়ায়। প্ৰধানমন্ত্ৰীৰ আগমনৰ বাবে মন্দিৰ কমপ্লেক্স,
मोदी


মাদুৰাই, ০১ মাৰ্চ (হি.স.)। দুদিনীয়া তামিলনাডু ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে মাদুৰাইৰ বিখ্যাত তিৰুপৰাকুন্দ্ৰম মুৰুগান মন্দিৰ পৰিদৰ্শন কৰি ভগৱান মুৰুগনৰ দৰ্শন তথা পূজা অৰ্চনা আগবঢ়ায়। প্ৰধানমন্ত্ৰীৰ আগমনৰ বাবে মন্দিৰ কমপ্লেক্স, তিৰুপৰাকুন্দ্ৰম পাহাৰ, আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছিল।

প্ৰধানমন্ত্ৰীগৰাকীয়ে তামিলনাডুত উপস্থিত হৈ ৰাজ্যখনত বিভিন্ন চৰকাৰী কাৰ্যসূচী আৰু ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ ৰাজহুৱা সমাৱেশত অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীত কল্যাণমূলক আঁচনি উদ্বোধন কৰি তেওঁ ভ্ৰমণৰ আৰম্ভণি কৰে।

ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীয়ে মাদুৰাই বিমানবন্দৰত এক বৃহৎ অনুষ্ঠানত অংশগ্ৰহণ কৰে, য’ত তেওঁ তামিলনাডুৰ আন্তঃগাঁথনি আৰু পৰিবহণ নেটৱৰ্ক শক্তিশালী কৰাৰ লক্ষ্যৰে প্ৰায় ৪,৪০০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে ১,৮৫৩ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া পৰমাকুদী-ৰামনাথপুৰমৰ মাজত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পকে ধৰি গুৰুত্বপূৰ্ণ প্ৰকল্পসমূহৰ আধাৰশিলা স্থাপন কৰে। মাৰাক্কানাম-পুডুচেৰী চাৰিলেনযুক্ত পথ প্ৰকল্পও উদ্বোধন কৰা হয়, যিয়ে আঞ্চলিক সংযোগ আৰু বাণিজ্যিক কাৰ্যকলাপ বৃদ্ধি কৰিব।

ৰে’ল খণ্ডত উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰি প্ৰধানমন্ত্ৰীয়ে ৰামেশ্বৰ-বেংগালুৰু আৰু তাম্বাৰম-মংগালুৰুৰ মাজত অমৃত ভাৰত ৰে’ল সেৱা আৰম্ভ কৰে। ৰাজ্যখনৰ আঠটা উন্নীতকৃত ৰে’ল ষ্টেচনো উদ্বোধন কৰা হয় আৰু চেন্নাই বিচ-এগম’ৰৰ মাজত নিৰ্মিত চতুৰ্থ ৰে’লপথটো জাতিটোৰ বাবে উৎসৰ্গা কৰা হয়।

অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰে যে বিগত দহ বছৰত ভাৰতীয় ৰে’লৱেই অভূতপূৰ্ব পৰিৱৰ্তন ঘটাইছে। তেওঁ কয় যে তামিলনাডুৰ ৰে’ল প্ৰকল্পৰ বাবে বাজেট আবণ্টন ৯গুণ বৃদ্ধি কৰা হৈছে, আৰু যোৱা দশকত ৰাজ্যখনত প্ৰায় ১৩০০ কিলোমিটাৰ নতুন ৰে’লপথ স্থাপন কৰা হৈছে, যিয়ে পৰিবহণৰ সুবিধা আৰু অৰ্থনৈতিক কাৰ্যকলাপক এক নতুন গতি প্ৰদান কৰিছে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে তামিলনাডু চহকী সাংস্কৃতিক ঐতিহ্য আৰু ঐতিহাসিক তাৎপৰ্যৰ বাবে বিশ্বজুৰি বিখ্যাত। তেওঁ আদিচানাল্লুৰক বিশ্বমানৰ সাংস্কৃতিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ কথা ঘোষণা কৰে। তেওঁ পুলিকাট হ্ৰদ আৰু পধিগাই পাহাৰৰ আশে-পাশে ইক’-টুৰিজিমক প্ৰসাৰিত কৰাৰ পৰিকল্পনাৰ ওপৰতো আলোকপাত কৰে, যিয়ে স্থানীয় কৰ্মসংস্থাপনৰ সুযোগ বৃদ্ধি কৰিব।

তেওঁ লগতে উল্লেখ কৰে যে বিগত ১৫ বছৰত তামিলনাডুৰ ৰাষ্ট্ৰীয় ঘাইপথ নেটৱৰ্কৰ উন্নয়নত কেন্দ্ৰীয় চৰকাৰে যথেষ্ট বিনিয়োগ কৰিছে।

এংগেজমেণ্ট সমাপ্ত কৰাৰ পিছত প্ৰধানমন্ত্ৰীয়ে তিৰুপৰাকুন্দ্ৰম মুৰুগান মন্দিৰ পৰিদৰ্শন কৰি বিশেষ প্ৰাৰ্থনা কৰে, জাতিটোৰ সমৃদ্ধি, শান্তি, নাগৰিকৰ কল্যাণৰ বাবে প্ৰাৰ্থনা কৰে।

প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণক আন্তঃগাঁথনি সম্প্ৰসাৰণ, ৰেল আৰু পথ সংযোগৰ উন্নতি, আৰু তামিলনাডুৰ পৰ্যটন উন্নয়নক এক নতুন গতি প্ৰদানৰ দিশত এক পদক্ষেপ হিচাপে গণ্য কৰা হৈছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande