হৰি নাম ধ্বনিৰে মুখৰিত নতুনপাম ৰাজহুৱা ৰাস উদযাপন স্থলী
ওদালগুৰি, ০১ মাৰ্চ (হি.স.)। হৰি নাম ধ্বনিৰে মুখৰিত নতুনপাম ৰাজহুৱা ৰাস উদযাপম স্থলী। অসম মহাপুৰুষীয়া সত্ৰ সমাজৰ ২৬ সংখ্যক দ্বিবাৰ্ষিক অধিবেশনৰ লাইখুটা স্থাপন। চিৰাজুলি নতুনপামত ১৯,২০ আৰু ২১ মাৰ্চত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত হব এ
হৰি নাম ধ্বনিৰে মুখৰিত নতুনপাম ৰাজহুৱা ৰাস উদযাপন স্থলী


ওদালগুৰি, ০১ মাৰ্চ (হি.স.)। হৰি নাম ধ্বনিৰে মুখৰিত নতুনপাম ৰাজহুৱা ৰাস উদযাপম স্থলী। অসম মহাপুৰুষীয়া সত্ৰ সমাজৰ ২৬ সংখ্যক দ্বিবাৰ্ষিক অধিবেশনৰ লাইখুটা স্থাপন।

চিৰাজুলি নতুনপামত ১৯,২০ আৰু ২১ মাৰ্চত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত হব এই অধিবেশন। এই উদ্দেশ্যে আজি লাইখুটা স্থাপন কাৰ্যসূচীত সত্ৰ সমাজৰ ৰাজ্যিক সভাপতি পঙ্কজ মহন্ত ,কাৰ্যকৰী সভাপতি ললিত বৰা ,সম্পাদক পুলিন দাস সহিতে বহু ভকত-বৈষ্ণৱ উপস্থিত থাকে।

অসম মহাপুৰুষীয়া সত্ৰ সমাজৰ ওদালগুৰি জিলা আৰু পশ্চিম শোণিতপুৰ জিলাৰ উদ্যোগত তথা বৰচলা আঞ্চলিক সমিতিৰ আতিথ্যত ভক্তপ্ৰাণ ৰাইজক আদৰিবলৈ উদযাপন সমিতিয়ে প্ৰস্তুতি তুংগত কৰি তুলিছে।

যুৱ সমাজৰ বিশিষ্ট বক্তা এঞ্জেলা চাংমাই ধৰ্মালোচনী সভাৰ নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব ।

উদযাপন সমিতিৰ সভাপতি সূজিত কটকী তথা সম্পাদক দিগন্ত বৰাই সকলো ধৰ্মপ্ৰাণ ৰাইজৰ সহায় সহযোগীতা তথা উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande