

গুৱাহাটী, ০১ মাৰ্চ (হি.স.)। ৰাজ্য চৰকাৰে ভৈয়ামত বসবাস কৰা কাৰ্বি সকলৰ আৰ্থ সামাজিক দিশত উন্নয়নৰ লক্ষ্যৰে গঠন কৰিব বিচৰা কাৰ্বি কল্যাণ স্বায়ত্ব পৰিষদ’ গঠনত স্বচ্ছতা ৰক্ষা কৰাৰ দাবী উত্থাপন কৰিছে কাৰ্বি ছাত্ৰ সন্থাই। আজি সোণাপুৰস্থিত ডিমৰীয়া জিলা জনজাতি সংঘৰ কাৰ্যালয়ত আয়োজিত সংবাদমেলত সন্থাৰ সভাপতি বিৰেণ বাংঠাই আৰু সম্পাদক কৌশিক ৰংপিয়ে কয় যে, ভৈয়ামত বসবাস কৰা কাৰ্বি সকলৰ স্বার্থ সুৰক্ষিত কৰিবলৈ পৰিষদ গঠন প্ৰক্ৰিয়া স্বচ্ছ আৰু গণতান্ত্ৰিকভাৱে সম্পন্ন হ’ব লাগিব।
সন্থাই অভিযোগ কৰে যে, কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য তুলিৰাম ৰংহাংৰ হস্তক্ষেপত সদস্য বাছনি কৰা হৈছে, যি বিষয় সন্থাই মানি ল’ব নোৱাৰে। লগতে সদস্য তালিকাত ভৈয়ামৰ কাৰ্বি ৰাইজৰ সৈতে সম্পৰ্ক নথকা কেইবাজনো ব্যক্তিক অন্তৰ্ভুক্ত কৰাৰ চেষ্টা চলিছে বুলিও অভিযোগ তোলে।
এই পৰিপ্ৰেক্ষিতত সন্থাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ তৎকাল হস্তক্ষেপ বিচাৰি গঠন প্ৰক্ৰিয়াটো স্বচ্ছভাৱে সম্পন্ন কৰাৰ আহ্বান জনায়। সংবাদমেলত কেন্দ্ৰীয় আৰু জিলা সমিতিৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / Narayan Kar