
যোৰহাট , ০১ মাৰ্চ (হি.স.)। যোৰহাট প্ৰেছ ক্লাবত চিকিৎসক ডা° পংকজ প্ৰদীপ পানয়েং ৰ ' তুমি মায়াবিনী ' শীৰ্ষক ভিডিঅ গীত মুকলি
দেওবাৰে যোৰহাটৰ প্ৰেছ ক্লাবত তুমি মায়াবিনী শীৰ্ষক এটা ভিডিঅ গীত মুকলি কৰা হয়। অসমৰ হিয়াৰ আমঠু প্ৰয়াত শিল্পী জুবিন গাৰ্গ আৰু মাণিক চন্দ্ৰ পাঞাং ৰ প্ৰতিচ্ছবিত বন্তি প্ৰজলন কৰি উক্ত অনুষ্ঠানটোৰ শুভাৰম্ভ কৰ হয় । যোৰহাট প্ৰেছ ক্লাৱৰ সভাপতি অনন্ত নাৰায়ণ বৰঠাকুৰৰ সভাপতিত্ব অনুষ্ঠিত হোৱা উন্মোচনী অনুষ্ঠানত ভিডিঅ গীতটো উন্মোচন কৰে শিশু বিশেষজ্ঞ ডা ° গোলাপ ডেকাই ।
আজি শুভ মুক্তি পোৱা ভিডিঅ গীতটিত কথা দিতুল দুৱৰা আৰু কণ্ঠদান কৰিছে শিশু বিশেষজ্ঞ ডা° পংকজ প্ৰদীপ পানয়েং-য়ে।
উল্লেখ যে অসমৰ লগতে শ্বিলংৰ বিভিন্ন লোকেচনত দৃশ্য গ্ৰহণ কৰা এই ভিডিঅ গীতটিৰ প্ৰযোজনা কৰে নীলিমা গোস্বামী পাঞাংয়ে
। মুক্তি পোৱা এই গীতটি সামাজিক মাধ্যমৰ বিভিন্ন প্লেটফৰ্মত আজিৰ পৰা উপলব্ধি হব বুলিও জানিবলৈ দিয়ে গীতটি কণ্ঠদান কৰা ডা ° পংকজ প্ৰদীপ পাঞাংয়ে
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু