
নতুন দিল্লী, ০১ মাৰ্চ (হি.স.)। সাম্প্ৰতিক পৰিস্থিতিৰ বাবে মধ্যপ্ৰাচ্যৰ কেইবাখনো দেশত সোমবাৰে অনুষ্ঠিত হ’বলগীয়া দশম আৰু দ্বাদশ ব’ৰ্ডৰ পৰীক্ষা পিছুৱাই দিয়াৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে।
চিবিএছইৰ এই আদেশ বাহৰেইন, ইৰাণ, কুৱেইট, ওমান, কাটাৰ, চৌদি আৰব, আৰু সংযুক্ত আৰব আমিৰশ্বাহী (ইউএই)ৰ সংযুক্ত বিদ্যালয়সমূহৰ ক্ষেত্ৰত প্ৰযোজ্য। আজি এক নিৰ্দেশত ব’ৰ্ডে উল্লেখ কৰে যে ২ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাৰ নতুন তাৰিখ পিছত ঘোষণা কৰা হ’ব। ৩ মাৰ্চত পৰিস্থিতি পুনৰীক্ষণ কৰিব আৰু তাৰ পিছতহে ৫ মাৰ্চ আৰু তাৰ পিছত অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাৰ সিদ্ধান্ত লোৱা হ’ব বুলি ব’ৰ্ডে স্পষ্ট কৰি দিয়ে।
চিবিএছইৰ পৰীক্ষা নিয়ন্ত্ৰক ড০ সংযম ভৰদ্বাজে জাৰি কৰা এক বিজ্ঞপ্তিযোগে সকলো ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকক আপডেটৰ বাবে নিজ নিজ বিদ্যালয়ৰ সৈতে যোগাযোগত থাকিবলৈ আৰু কেৱল চৰকাৰী তথ্যৰ ওপৰত নিৰ্ভৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
हिन्दुस्थान समाचार / অৰৱিন্দ