
যোৰহাট, ০১ মাৰ্চ (হি.স.)। টীয়কৰ লাহদৈগড়ত শতাধিক লোকৰ বিজেপিত যোগদান l
আজি টীয়ক সমষ্টিৰ বিভিন্ন অঞ্চলৰ সামাজিক ব্যক্তিৰ লগতে কংগ্ৰেছৰ প্ৰায় শতাধিক সমৰ্থক আৰু কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টী দলত যোগদান কৰে। লাহদৈগড়ত অনুষ্ঠিত যোগদান সভাত যোৰহাট জিলা বিজেপিৰ সভাপতি তথা আন্তঃগাথঁনি উন্নয়ন নিগমৰ অধ্যক্ষ শান্তনু পুজাৰী, টীয়ক মণ্ডলৰ সভাপতি মনমি তামুলী,পূব টীয়ক মণ্ডলৰ সাধাৰণ সম্পাদক অভিজিত বৰুৱাকে প্ৰমুখ্য কৰি দলীয় বিষয়ববীয়া উপস্থিতিত বহু সংখ্যক কংগ্ৰেছৰ সক্ৰিয় সদস্যৰ লগতে টীয়কত সামাজিকভাৱে জড়িত হৈ থকা প্ৰায় শতাধিক লোকে বিজেপি দলত যোগদান কৰে।উল্লেখযোগ্য যে টীয়কৰ বিভিন্ন স্তৰৰ লগত জড়িত হৈ থকা শতাধিক ব্যক্তিৰ যোগদানে বিজেপি দলটোক আৰু অধিক শক্তিশালী কৰি তোলাৰ লগতে এইসকলৰ নেতৃত্বত আগন্তুক দিনত সমগ্ৰ সমষ্টিতে বিজেপি দলে ভাল ফলাফল দেখুৱাব বুলি সকলোৱে আশা প্ৰকাশ কৰে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু