খিলঞ্জীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ আশ্বাস প্রদানৰ বাবেহে বিজেপিৰ জন আশীৰ্বাদ যাত্রা: ৰাজ্যিক বিজেপি
পদুলিয়ে-পদুলিয়ে কলপুলি পুতি ধূপ-ধূণা, চাকি-বন্তিৰে জনতাৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক আশীৰ্বাদ গুৱাহাটী, ০১ মার্চ (হি.স.)। পুৱা ১০ বজাৰ পৰা নিশা ১২ বজালৈ নিৰন্তৰভাৱে ঢেকিয়াজুলি সমষ্টিৰ পৰা বৰছলা, তেজপুৰ, ৰঙাপাৰা সমষ্টিৰ মাজেৰে শত সহস্র জনত
ৰাজ্য়িক বিজেপিৰ জন আশীৰ্বাদ যাত্রাত মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্য়িক সভাপতি দিলীপ শইকীয়া


পদুলিয়ে-পদুলিয়ে কলপুলি পুতি ধূপ-ধূণা, চাকি-বন্তিৰে জনতাৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক আশীৰ্বাদ

গুৱাহাটী, ০১ মার্চ (হি.স.)। পুৱা ১০ বজাৰ পৰা নিশা ১২ বজালৈ নিৰন্তৰভাৱে ঢেকিয়াজুলি সমষ্টিৰ পৰা বৰছলা, তেজপুৰ, ৰঙাপাৰা সমষ্টিৰ মাজেৰে শত সহস্র জনতাৰ আশীৰ্বাদ গ্রহণ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই প্রথম দিনাৰ জন আশীৰ্বাদ যাত্রা”ৰ সামৰণি কৰে ন-দুৱাৰ সমষ্টিত। ৰাজপথলৈ শত সহস্র জনতাই ওলাই আহি থলুৱাক ভূমি পট্টা প্রদান, স্বচ্ছ আৰু মেধাৰ ভিত্তিত নিযুক্তি প্রদান, অসমৰ যুৱক-যুৱতীৰ উত্তৰণৰ বাবে আঁচনি হাতত লোৱা, অৰুণোদয়, মুখ্যমন্ত্রী উদ্যমিতা অভিযান আদিৰে ৰাজ্যৰ নাৰীক স্বাৱলম্বী কৰা, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি তথা মাটি পট্টা প্ৰদানৰ দৰে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্রহণ কৰা ভৱিষ্যদর্শী মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক ওচৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰে।

পদুলিয়ে-পদুলিয়ে কলপুলি পুতি ধূপ-ধূণা, চাকি-বন্তি জ্বলাই মুখ্যমন্ত্ৰী গৰাকীক জনতা জনার্দনে হৃদয়ৰ নিবৃত্ত কোণৰ পৰা আশীৰ্বাদ দিয়ে। সুৰক্ষিত, বিকশিত অসমৰ বাবে অসমৰ জনতাৰ প্রথম আৰু একমাত্র পছন্দ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা বুলি সকলোৱে একেমুখে স্বীকাৰ কৰাৰ লগতে পথৰ কাষে-কাষে ৰৈ হৰ্যোধ্বনিও কৰে। আজি পুনৰ জাগীৰোড সমষ্টিৰ পৰা জনতাৰ আশীস বিচাৰি পুনৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই জন আশীর্বাদ যাত্রা”ৰ আৰম্ভ কৰে।

ৰাজপথলৈ ওলাই আহি শত সহস্ৰ মানুহে বিজেপিৰ এই যাত্ৰাক সমর্থন কৰাৰ লগতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক পুষ্পবৃষ্টিৰে উষ্ম আদৰণি জনায়। যাত্রা কালতে মুখ্যমন্ত্ৰী গৰাকীয়ে আগন্তুক ৫ বছৰত ৫ লাখ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লগতে কেৱল খিলঞ্জীয়াইহে মাটিৰ পট্টা পাব বুলি অসমবাসীলৈ স্পষ্ট বাৰ্তা প্ৰেৰণ কৰে। অসমৰ সুৰক্ষা বিজেপিৰ প্ৰতিজ্ঞা” শীর্ষক প্রচাৰেৰে আজি এই যাত্রা জাগীৰোডৰ পৰা মৰিগাঁও, ৰহা, নগাঁও, বঢ়মপুৰ সমষ্টিক সামৰি ল'ব। ৰাজ্যিক বিজেপিৰ মুখপাত্র প্রাঞ্জল কলিতাই এই সন্দৰ্ভত অধিক জনায় কয় যে জন আশীর্বাদ যাত্রা”ক বিজেপিয়ে ৰাজনৈতিক কার্যসূচী হিচাপে নহয়, বিজেপি দল যে অসমৰ সকলো খিলঞ্জীয়াৰ পক্ষত আছে তাৰেহে নিশ্চয়তা প্রদান কৰিব বিছাৰিছে।

তেওঁ কয় যে অবৈধ মিঞাৰ কবলৰ পৰা মুক্ত কৰি গুৰুজনাৰ জন্মভূমি বটদ্ৰৱা সত্ৰক নৱ নির্মাণেৰে নতুন মাত্ৰা প্ৰদান কৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই আজি যাত্ৰাৰ সময়ত শ শ বুলড'জাৰ প্ৰদৰ্শনেৰে অসম কোনো অবৈধ বেদখলকাৰীৰ চৰণীয়া ভূমি হ'ব নোৱাৰে বুলি স্পষ্ট বাৰ্তা প্ৰেৰণ কৰে। একমাত্র খিলঞ্জীয়া ৰাইজৰ বাবেহে বিজেপি চৰকাৰ দায়বদ্ধ বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে এই যাত্ৰাৰ জৰিয়তে স্পষ্ট ইংগিত প্রদান কৰিছে ।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande