যোৰাবাটৰ ১২ মাইলৰ ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা
গুৱাহাটী, ০১ মাৰ্চ (হি.স.)। যোৰাবাটৰ ১২ মাইলৰ ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী মহিলা পথচাৰী অচিনাক্ত বাহনে মহতিয়াই নিয়াৰ ফলতেই থিতাতে নিহত হয় মহিলা পথচাৰীগৰাকী। দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা মহিলাগৰাকী দৰঙৰ আফচ
যোৰাবাটৰ ১২ মাইলৰ ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।


গুৱাহাটী, ০১ মাৰ্চ (হি.স.)। যোৰাবাটৰ ১২ মাইলৰ ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী মহিলা পথচাৰী

অচিনাক্ত বাহনে মহতিয়াই নিয়াৰ ফলতেই থিতাতে নিহত হয় মহিলা পথচাৰীগৰাকী।

দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা মহিলাগৰাকী দৰঙৰ আফচানা বুলি চিনাক্ত। ১২ মাইলৰ ভাই ভাই হোটেলত কৰ্মৰত আছিল নিহত মহিলাগৰাকী। ঘাইপথ পাৰ হ'বলৈ লওতে কোনো অচিনাক্ত বাহনে মহিলাগৰাকীক মহতিয়াই নিয়াৰ ফলত থিতাতে মৃত্যু হয় মহিলাগৰাকীৰ।

ঘটনাস্থলীত বৰ্ণিহাট আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande