
মাজুলী, ২৮ ফেব্ৰুৱাৰী (হি.স.)। মাজুলী-লখিমপুৰ সংযোগী দলঙৰ নিৰ্মাণকাৰ্য বন্ধ কৰিলে ক্ষুব্ধ ৰাইজে। উপ-পথৰ দাবীত চেলেক-ধূনাগুৰিত উত্তাল প্ৰতিবাদ। মাজুলী-লখিমপুৰ সংযোগী দলঙৰ নিৰ্মাণস্থলীত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। দলঙৰ বাবে নিৰ্মাণ কৰা ওখ পথৰ ফলত যাতায়াতৰ পথ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে কাষৰীয়া প্ৰায় ৩০খনকৈ অধিক গাঁৱৰ গঞাৰ।
চেলেক আৰু ধুনাগুৰিৰ ওপৰত নিৰ্মীয়মান দুয়োখন দলঙৰ মাজৰ অংশৰ চাপৰিৰ ৰাইজে এটা উপ-পথ বা লিংক ৰোডৰ দাবীত আজি একত্ৰিত হৈ প্ৰতিবাদ কৰি নিৰ্মাণ কোম্পানীৰ সকলো কাম-কাজ বন্ধ কৰি দিয়ে। কানীয়াজান, আইনীবাৰী, কংকুৰ আদিৰ লগতে লুইত খাবলুৰ প্ৰায় ৩০ খন গাঁৱলৈ এতিয়া নামি আহিছে বিপদ।
নিৰ্মীয়মান ওখ পথটোৰ বাবে কাষৰীয়া গাঁওসমূহৰ ৰাইজৰ যাতায়াত সম্পূৰ্ণৰূপে ব্যাহত হৈছে। ২০২২ চনৰে পৰা গড়কাপ্তানী বিভাগক এটা উপ-পথ বিচাৰি আৱেদন নিবেদন জনোৱাৰ পিছতো কোনো সুফল নোপোৱাত আজি বাধ্য হৈ ৰাইজে কোম্পানীৰ কাম বন্ধ কৰি দিয়ে। অঞ্চলটোৰ ৩ খনকৈ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু চিকিৎসালয়লৈ যোৱা ৰোগীসকলৰ বাবে চিন্তিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ।
পৰিস্থিতি উত্তপ্ত হৈ পৰাৰ সময়তে ঘটনাস্থলীত উপস্থিত থকা নিৰ্মাণ কোম্পানীৰ কৰ্মচাৰীয়ে ৰাইজৰ সন্মুখত উপস্থিত হৈ ৰাইজক বুজোৱাৰ চেষ্টা কৰে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা