
গোৱালপাৰা, ২৮ ফেব্ৰুৱাৰী (হি.স.)। দুধনৈৰ অসম মেঘালয় সংযোগী ২১৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা৷ থিতাতে নিহত বাইক আৰোহী। নিহত লোক জনক মনোজ ভট্টাচাৰ্য বয়স (৩৬) বুলি জানিব পৰা গৈছে ৷ প্ৰত্যক্ষদৰ্শী ৰাইজৰ ভাষ্য অনুসৰি বাইক আৰোহী মনোজ ভট্টাচাৰ্যই মেঘালয় ডাইনাডুবিত থকা নিজৰ ব্যবসায়িক প্ৰতিষ্ঠানৰ পৰা নিজৰ ডিস্কোভাৰ বাইকেৰে দুধনৈৰ নিজ ঘৰলৈ আহি থকা অৱস্থাত পিচফালৰ পৰা আহি থকা এখন তীব্ৰবেগী ট্ৰাকে খুন্দিয়াই দিয়াত বাইক চালক গৰাকী পথৰ ওপৰত চিটিকি পৰে আৰু থিতাতে নিহত হয়৷
বাইক খনৰ পঞ্জীয়ন নম্বৰ (ডব্লিউবি-৬৪জি-৪২৭৩) । ঘটনাস্থলীত দুধনৈ আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে আৰু মৰোণত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা চিকিতসালয়লৈ প্ৰেৰণ কৰে। আৰক্ষী তদন্ত আৰম্ভ কৰিছে৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা