
নলবাৰী, ২৮ ফেব্ৰুৱাৰী (হি.স.)। নলবাৰীত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এটি পুৰ্ণাবয়ব প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। আজি এই প্ৰতিমূৰ্তি উন্মোচন কৰে নলবাৰীৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। নলবাৰীৰ গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত আজি আনুষ্ঠানিক ভাৱে এই প্ৰতিমূৰ্তি উন্মোচন কৰা হয়।
উল্লেখ্য যে গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমুখেৰে যোৱা পল্লাৰোড শ্ৰীমন্ত শংকৰদেৱ পথ হিচাপে নামাকৰণ কৰাৰ পিছত এতিয়া গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত নিৰ্মিয়মান অত্যাধুনিক প্ৰেক্ষাগৃহৰ নাম শ্ৰীমন্ত শংকৰদেৱ ৰখা হব বুলি আজি ঘোষণা কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতিমূৰ্তি উন্মোচন কৰাৰ বাবে আজি আয়োজিত অনুষ্ঠানত সহস্ৰাধিক ভকত সজ্জনে উৎসাহেৰে অংশগ্ৰহণ কৰাৰ লগতে নাম কীৰ্তন কৰি আনন্দ প্ৰকাশ কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা