
লামডিং, ২৮ ফেব্ৰুৱাৰী (হি.স.)। লামডিঙৰ বিধায়ক শিবু মিশ্ৰই কেবাটাও উন্নয়নৰ মূলক কামৰ শিলান্যাস কৰে। আজি প্ৰায় ১১ টা ৰাস্তাৰ শিলান্যাস কৰা দেখা যা্য়। ৰাইজৰ মুখে মুখে আজি ধ্বনিত হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিস্ব শৰ্মা আৰু স্থানীয় বিধায়ক শিবু মিশ্রৰ প্ৰশংসাবাণী।
এটাৰ পিছত এটাকৈ উপহাৰ লাভ কৰি লামডিঙৰ ৰাইজৰ মুখে মুখে আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু স্থানীয় বিধায়ক শিবু মিশ্রৰ প্ৰশংসা ধ্বনিত হৈছে। ইতিমধ্যে ৬৪ নং লামডিং সমষ্টিৰ কেন্দ্ৰত ১০৭৪ টা ডিজিটেল পট্টা বিতৰণ কৰাৰ পাছতে আজি পুনৰ চহৰ আৰু গাঁৱ মিলাই একেদিনাই ১১টা পথ নিৰ্মাণৰ শিলান্যাস কৰে লামডিং কেন্দ্ৰৰ বিধায়ক শিবু মিশ্র ।পশ্চিম লামডিং পঞ্চায়তৰ অন্তৰ্গত ৩টা পথ, পূব লামডিং পঞ্চায়তৰ অধীনত ১টা পথ, দক্ষিণ লামডিং পঞ্চায়তৰ অন্তৰ্গত ৩টা পথ আৰু পৌৰসভাৰ অন্তৰ্গত ৪টা পথৰ শিলান্যাস কৰে স্থানীয় বিধায়কে।চহৰৰ পৰা গাঁৱলৈকে প্ৰতিটো আনাচে-কানাচে আজি সুখৰ জোৱাৰ।যেন কোনো উৎসৱৰ আয়োজনত ব্যস্ত সকলো।সেই আনন্দ যেন আজি উথলি উঠিছে সকলোৰে চকু-মুখ আৰু কথাবাৰ্তাত।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা