ৰাঁচী অসামৰিক আদালতে লাভ কৰিছে আন এক বোমাৰ ভাবুকি
ৰাঁচী, ২৮ ফেব্ৰুৱাৰী (হি.স.)। ৰাঁচী অসামৰিক আদালতত বোমা বিস্ফোৰণৰ ভাবুকিয়ে কঁপাই তুলিছে প্ৰশাসনিক আৰু আৰক্ষী বিষয়াসকল। শনিবাৰে ইমেইলযোগে প্ৰেৰণ কৰা এই ভাবুকি বাৰ্তাটোত এইবাৰ আৰ ডি এক্স বিস্ফোৰণৰ আহ্বান জনোৱা হৈছে। ভাবুকি পোৱাৰ লগে লগে আৰক্ষী আৰু
फाइल फोटो  कोर्ट


ৰাঁচী, ২৮ ফেব্ৰুৱাৰী (হি.স.)। ৰাঁচী অসামৰিক আদালতত বোমা বিস্ফোৰণৰ ভাবুকিয়ে কঁপাই তুলিছে প্ৰশাসনিক আৰু আৰক্ষী বিষয়াসকল। শনিবাৰে ইমেইলযোগে প্ৰেৰণ কৰা এই ভাবুকি বাৰ্তাটোত এইবাৰ আৰ ডি এক্স বিস্ফোৰণৰ আহ্বান জনোৱা হৈছে।

ভাবুকি পোৱাৰ লগে লগে আৰক্ষী আৰু নিৰাপত্তা সংস্থাই সষ্টম হৈ পৰে। এই তথ্যৰ পিছতে আৰক্ষীৰ দলসমূহে আদালত চৌহদত পুংখানুপুংখ তালাচী আৰম্ভ কৰে। নিৰাপত্তাৰ বাবে ডগ স্কোয়াড আৰু এফ এছ এল (ফৰেনছিক চাইন্স লেব)ৰ দলকো মাতি অনা হয়।

সাৱধানতা স্বৰূপে আদালতৰ মূল প্ৰৱেশদ্বাৰ সাময়িকভাৱে বন্ধ কৰি দিয়া হয়, আনহাতে অন্যান্য গেটত অতিৰিক্ত নিৰাপত্তা বাহিনী মোতায়েন কৰা হয়। চৌহদত প্ৰৱেশ আৰু ওলোৱা লোকসকলক ভালদৰে পৰীক্ষা কৰা হৈছিল।

কোতৱালিৰ উপ-আৰক্ষী অধীক্ষক প্ৰকাশ ছোয়ে কয় যে এই ভাবুকিপূৰ্ণ ইমেইলৰ উৎস নিৰ্ণয়ৰ বাবে কাৰিকৰী তদন্ত চলি আছে। সমগ্ৰ আদালত চৌহদত চলি আছে নিৰাপত্তা পৰীক্ষা।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ৬ ফেব্ৰুৱাৰীত ৰাঁচী অসামৰিক আদালতত বোমা বিস্ফোৰণৰ ভাবুকি আহিছিল। অব্যাহত থকা ভাবুকিৰ পোহৰত নিৰাপত্তা সংস্থাসমূহে বিষয়টোক গুৰুত্বসহকাৰে লৈ সকলো দিশৰ তদন্ত কৰিছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande