ইজৰাইল আৰু আমেৰিকাৰ ইৰাণক আক্ৰমণ, খামেনেইৰ বাসগৃহত বিস্ফোৰণ, নিৰাপদ
তেহৰাণ/টেল আভিভ/ৱাশ্বিংটন, ২৮ ফেব্ৰুৱাৰী (হি.স.)। ইৰাণৰ ৰাজধানী তেহৰাণত ইজৰাইল আৰু আমেৰিকাৰ যৌথ বিমান আক্ৰমণৰ সময়ত শনিবাৰে পুৱা সংঘটিত হয় শক্তিশালী বিস্ফোৰণ। তেহৰাণৰ বহু ঠাইত ঘন ধোঁৱা বিয়পি পৰিল। ইৰাণৰ আন কেইবাখনো চহৰতো ক্ষতিগ্ৰস্ত হয়। ইজৰাইল চ
তেহৰাণৰ পৰিস্থিতি। ফটো: ইণ্টাৰনেট মিডিয়া


তেহৰাণ/টেল আভিভ/ৱাশ্বিংটন, ২৮ ফেব্ৰুৱাৰী (হি.স.)। ইৰাণৰ ৰাজধানী তেহৰাণত ইজৰাইল আৰু আমেৰিকাৰ যৌথ বিমান আক্ৰমণৰ সময়ত শনিবাৰে পুৱা সংঘটিত হয় শক্তিশালী বিস্ফোৰণ। তেহৰাণৰ বহু ঠাইত ঘন ধোঁৱা বিয়পি পৰিল। ইৰাণৰ আন কেইবাখনো চহৰতো ক্ষতিগ্ৰস্ত হয়। ইজৰাইল চৰকাৰ আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে। তেহৰাণ আক্ৰমণৰ পিছত ইৰাণে ইজৰাইলক আক্ৰমণ কৰে। আন এক বিস্ফোৰণ সংঘটিত হয় উচ্চতম নেতা আয়াতুল্লাহ আলী খামেনেইৰ বাসগৃহত। তেওঁ সুৰক্ষিত।

ইৰাণৰ চৰকাৰী সংবাদ সংস্থা ইৰনা, ইৰাণৰ বাতৰি কাকত শ্বাৰঘ, আমেৰিকাৰ নিউজ চেনেল চিএনএন, জেৰুজালেম পোষ্টৰ খবৰ অনুসৰি ইৰাণৰ উচ্চতম নেতা আয়াতুল্লাহ আলী খামেনেইৰ বাসগৃহৰ সমীপত এক শক্তিশালী বিস্ফোৰণ সংঘটিত হয়। ৰাষ্ট্ৰপতিৰ বাসগৃহ আৰু তেহৰাণৰ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ কাৰ্যালয়ৰ পৰাও ধোঁৱা ওলোৱা দেখা গৈছিল। তেহৰাণৰ উপৰিও ইৰাণৰ আন পাঁচখন চহৰত আক্ৰমণ চলোৱাৰ খবৰ আহিছে। ইয়াৰ ভিতৰত আছে ক’ম, ইছফাহান, কেৰমানশ্বাহ, কাৰাজ, লৰেষ্টান। ইৰাণৰ অৰ্ধসামৰিক বাহিনীৰ চোৰাংচোৱা সঞ্চালকালয় ইৰাণী ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছ (আই আৰ জি চি)কো লক্ষ্য কৰি লোৱা হয়।

আক্ৰমণৰ লগে লগে ইৰাণৰ বিষয়াসকলে তেহৰানে প্ৰতিশোধমূলক আক্ৰমণৰ বাবে সাজু হোৱা বুলি উল্লেখ কৰি বিধ্বংসী সঁহাৰিৰ সতৰ্কবাণী দিয়ে। পিছলৈ প্ৰায় ১০ বজাত সমগ্ৰ উত্তৰ ইজৰাইলত চাইৰেন বাজি উঠিল। খবৰ আহিছিল যে ইৰাণে ইজৰাইলক লক্ষ্য কৰি ক্ষেপণাস্ত্ৰ নিয়োগ কৰিছিল। ইৰাণীসকলৰ বাবে বাতৰিৰ আপডেট অনুসৰণ কৰিবলৈ মোছাদে পাৰ্চী ভাষাৰ টেলিগ্ৰাম চেনেল মুকলি কৰে। খমেনেই তেহৰাণত নথকাৰ বাবে তেওঁক নিৰাপদ স্থানলৈ লৈ যোৱা বুলি খবৰ ওলাইছিল।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে এই আক্ৰমণ বন্ধ নহ’ব বুলি উল্লেখ কৰিছে। ইৰাণৰ জনসাধাৰণক খামেনেইৰ শাসন ব্যৱস্থা সলনি কৰিবলৈ আহ্বান জনাইছে ট্ৰাম্পে। তেওঁ তেহৰানে সক্ৰিয়ভাৱে সম্পদ সংগ্ৰহ কৰি পাৰমাণৱিক কাৰ্যসূচী আৰম্ভ কৰাৰ অভিযোগো উত্থাপন কৰে। ইফালে ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমে প্ৰকাশ কৰিছে যে আমেৰিকা আৰু ইজৰাইলক তীব্ৰ সঁহাৰি জনোৱাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰা হৈছে।

ইফালে ইৰাণৰ সমৰ্থনত ইৰাণ সমৰ্থিত হাউথী বিদ্ৰোহীয়ে জলপথ আৰু ইজৰাইলত পুনৰ ক্ষেপণাস্ত্ৰ আৰু ড্ৰ’ন আক্ৰমণ আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে। ইৰাণৰ ওপৰত আক্ৰমণৰ পিছত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে কয় যে ইৰাণৰ অস্তিত্বৰ ভাবুকি দূৰ কৰিবলৈ আমেৰিকাৰ সহযোগত এই আক্ৰমণ সংঘটিত কৰা হৈছে। লগতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক তেওঁলোকৰ সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

খবৰ অনুসৰি ইৰাণে উত্তৰ ইজৰাইলৰ কেইবাটাও স্থানত বোমা বিস্ফোৰণ কৰিছে। ইজৰাইলৰ সেনাই কয় যে ইৰাণৰ পৰা নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰই টেল আভিভৰ দিশে গৈ আছিল, যাৰ ফলত দেশখনৰ কেইবাটাও অঞ্চলত ছাইৰেন আৰম্ভ হৈছিল। ইৰাণৰ আক্ৰমণত কোনো ধৰণৰ ক্ষতি বা হতাহতিৰ কোনো তথ্য তাৎক্ষণিকভাৱে পোৱা নাই।

সংঘাতৰ মাজতে ভাৰতৰ পৰা ইজৰাইলৰ ৰাজধানী টেল আভিভলৈ এয়াৰ ইণ্ডিয়াৰ এখন বিমান ঘূৰি আহিছে। ইজৰাইলৰ আকাশমাৰ্গ বন্ধ হোৱাৰ বাবে এয়াৰ ইণ্ডিয়াই দিল্লী-তেল আভিভৰ বিমানখন মুম্বাইলৈ ডাইভাৰ্ট কৰে। এই উত্তেজনাৰ মাজতে ভাৰতে নাগৰিকসকলৰ বাবে পৰামৰ্শ জাৰি কৰিছে। ভাৰতীয় দূতাবাসে উল্লেখ কৰিছে যে ইজৰাইলৰ বৰ্তমানৰ নিৰাপত্তা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সকলো ভাৰতীয় নাগৰিককে অত্যন্ত সাৱধানতা অৱলম্বন কৰি সকলো সময়তে সজাগ হৈ থাকিবলৈ পৰামৰ্শ দিয়া হৈছে।

ইফালে ড’নাল্ড ট্ৰাম্পে কয় যে ইৰাণ কেতিয়াও পাৰমাণৱিক শক্তিধৰ হ’ব নোৱাৰে। আমি ইৰাণৰ নৌসেনা ধ্বংস কৰিবলৈ ওলাইছো। আমি ইৰাণৰ ক্ষেপণাস্ত্ৰ ধ্বংস কৰিম। তেহৰানে কয় যে এতিয়া যুদ্ধ বন্ধ নহ’ব। ইৰাণৰ বিৰুদ্ধে যুদ্ধ বিমান আৰু ক্ষেপণাস্ত্ৰৰ আক্ৰমণ চলি থকাৰ মাজতে সৰ্বোচ্চ নেতা খামেনেইক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande