ইজৰাইলত থকা নিজৰ নাগৰিকসকললৈ ভাৰতৰ সাৱধানতা অৱলম্বন কৰি পৰামৰ্শ জাৰি
নতুন দিল্লী, ২৮ ফেব্ৰুৱাৰী (হি.স.)। ইজৰাইল-ইৰাণৰ উত্তেজনাৰ মাজতে ইজৰাইলত বসবাস কৰা নাগৰিকসকলৰ বাবে ভাৰতে এক পৰামৰ্শ জাৰি কৰিছে। টেল আভিভত থকা ভাৰতীয় দূতাবাসে সকলো ভাৰতীয়কে সাৱধানতা অৱলম্বন কৰি সকলো সময়তে সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে। শনিবাৰে জ
भारत ने इजरायल में अपने नागरिकों के लिए जारी किया परामर्श, सावधानी बरतने की अपील


নতুন দিল্লী, ২৮ ফেব্ৰুৱাৰী (হি.স.)। ইজৰাইল-ইৰাণৰ উত্তেজনাৰ মাজতে ইজৰাইলত বসবাস কৰা নাগৰিকসকলৰ বাবে ভাৰতে এক পৰামৰ্শ জাৰি কৰিছে। টেল আভিভত থকা ভাৰতীয় দূতাবাসে সকলো ভাৰতীয়কে সাৱধানতা অৱলম্বন কৰি সকলো সময়তে সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে।

শনিবাৰে জাৰি কৰা পৰামৰ্শত টেল আভিভত থকা ভাৰতীয় দূতাবাসে আঞ্চলিক নিৰাপত্তা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইজৰাইল কৰ্তৃপক্ষ আৰু হোম ফ্ৰন্ট কমাণ্ডে জাৰি কৰা সুৰক্ষা নিৰ্দেশনা কঠোৰভাৱে পালন কৰিব লাগে বুলি উল্লেখ কৰিছে। এই পৰামৰ্শত ভাৰতীয়সকলক তেওঁলোকৰ বাসগৃহ বা কৰ্মস্থলীৰ ওচৰৰ নিৰাপদ আশ্ৰয় শিবিৰ চিনাক্ত কৰি তাৰ ভিতৰত থাকিবলৈ আহ্বান জনোৱা হৈছে। পৰৱৰ্তী জাননী নিদিয়ালৈকে অপ্ৰয়োজনীয় ভ্ৰমণৰ পৰা আঁতৰি থাকিবলৈ আৰু স্থানীয় বাতৰি, চৰকাৰী ঘোষণা, জৰুৰীকালীন সতৰ্কবাণী নিৰীক্ষণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

দূতাবাসে উল্লেখ কৰে যে যিকোনো জৰুৰীকালীন অৱস্থাত ভাৰতীয় নাগৰিকে ২৪ ঘণ্টীয়া হেল্পলাইনত বা ইমেইলযোগে যোগাযোগ কৰিব পাৰে। দূতাবাসটোৱে সংশ্লিষ্ট ইজৰাইল কৰ্তৃপক্ষৰ সৈতে ঘনিষ্ঠ যোগাযোগত আছে আৰু প্ৰয়োজন অনুসৰি আপডেট জাৰি কৰিব। ইজৰাইল আৰু আমেৰিকাই ইৰাণৰ ওপৰত ব্যাপক আক্ৰমণ চলোৱাৰ সময়তে এই পৰামৰ্শ দিয়া হৈছে। তেহৰাণকে ধৰি কেইবাখনো চহৰত বিস্ফোৰণৰ বাতৰি পোৱা গৈছে। ইজৰাইলত বিমান আক্ৰমণৰ চাইৰেন বজোৱা হৈছে, আৰু দেশজুৰি জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে। ভাৰত চৰকাৰে নিজৰ নাগৰিকসকলক স্থানীয় নিৰ্দেশনা কঠোৰভাৱে পালন কৰি সুৰক্ষিত হৈ থাকিবলৈ আহ্বান জনাইছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande