
ভুৱনেশ্বৰ, ২৮ ফেব্ৰুৱাৰী (হি.স.)। ওড়িশাৰ জাজপুৰ জিলাৰ কলিংগনগৰত থকা টাটা ষ্টীল লিমিটেডৰ ফেৰ’ক্ৰ’ম প্লাণ্টৰ কৌশলগত অধিগ্ৰহণৰ কাম সম্পূৰ্ণ কৰিলে ইণ্ডিয়ান মেটালছ এণ্ড ফেৰ’ এলয়ছ লিমিটেডে।
ইণ্ডিয়ান মেটালছ এণ্ড ফেৰ’ এলয়ছ লিমিটেডে টাটা ষ্টীলৰ পৰা ৭০৭.২৬ কোটি টকাত ফেৰ’ক্ৰ’ম প্লাণ্টটো ক্ৰয় কৰিছে বুলি শনিবাৰে কোম্পানীটোৱে এক বিবৃতিত প্ৰকাশ কৰিছে। ওড়িশাৰ কলিংগনগৰ জিলাৰ ১১৫ একৰ মাটিত অৱস্থিত এই উদ্যোগটোত বৰ্তমান বছৰি এক লাখ টন উৎপাদন কৰিব পৰা চাৰিটা চুলা আছে। অধিগ্ৰহণৰ ধনৰাশি সম্পূৰ্ণৰূপে আভ্যন্তৰীণ এক্ৰুৱেলৰ পৰা পুঁজিৰ ব্যৱস্থা কৰা হৈছিল।
আইএমএফএই উল্লেখ কৰিছে যে ৭০৭.২৬ কোটি ₹ মূল্যৰ মুঠ চুক্তিখনত ৬১০ কোটি ₹ৰ ভিত্তি মূল্যৰ লগতে জিএছটি আৰু ৱৰ্কিং কেপিটেল অন্তৰ্ভুক্ত কৰা হৈছে। কোম্পানীটোৱে লগতে কয় যে পঞ্চম চুলাৰ কাম বৰ্তমান অসম্পূৰ্ণ আৰু প্ৰায় এবছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব। কাৰ্যক্ষম হ’লে উদ্যোগটোৰ মুঠ উৎপাদন ক্ষমতা বছৰি ১ লাখ ৫০ হাজাৰ টনলৈ বৃদ্ধি পাব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া