
নতুন দিল্লী, ২৮ ফেব্ৰুৱাৰী (হি.স.)। মহাৰাষ্ট্ৰত বতাহ শক্তি প্ৰকল্প স্থাপনৰ বাবে ৰাজহুৱা খণ্ডৰ গেছ কোম্পানী গেইল (ইণ্ডিয়া) লিমিটেডে ১,৭৩৬.২৫ কোটি টকা বিনিয়োগ কৰিব। কোম্পানীটোৱে ২০৩৫ চনৰ ভিতৰত নিকা শূন্য কাৰ্বন নিৰ্গমন লাভ কৰাৰ লক্ষ্য ৰাখিছে।এই বিনিয়োগ হৈছে ইয়াৰ নবীকৰণযোগ্য শক্তিৰ পৰ্টফলিঅ’ সম্প্ৰসাৰণৰ দিশত এক পদক্ষেপ।
শুকুৰবাৰে অনুষ্ঠিত হোৱা বৈঠকত গেইলে শনিবাৰে ষ্টক এক্সচেঞ্জসমূহক জনাইছে যে তেওঁলোকৰ পৰিচালনা সমিতিয়ে ১৭৮.২ মেগাৱাটৰ বতাহ শক্তি প্ৰকল্প স্থাপনৰ বাবে বিনিয়োগৰ প্ৰস্তাৱত অনুমোদন জনাইছে। চুক্তি প্ৰদানৰ ২৪ মাহৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ আশা কৰা এই প্ৰকল্পটোৱে কোম্পানীটোৰ বৰ্তমানৰ ১১৭.৯৫ মেগাৱাটৰ পৰ্টফলিঅ’ত যোগ দিব।
ৰাজস্থান, উত্তৰ প্ৰদেশ, আৰু মধ্যপ্ৰদেশতো কোম্পানীটোৰ ২৭ মেগাৱাট সৌৰশক্তি প্ৰকল্প আছে। বৰ্তমান গেইলৰ গুজৰাটত ১৯.২ মেগাৱাট, কৰ্ণাটকত ৩৮.১ মেগাৱাট, আৰু তামিলনাডুত ৬০.৬৫ মেগাৱাট বায়ু শক্তি প্ৰকল্প আছে। গেইল হৈছে ভাৰতৰ সৰ্ববৃহৎ প্ৰাকৃতিক গেছ সঞ্চাৰণ আৰু বিপণন কোম্পানী। ইয়াৰ প্ৰায় ১৮,০০১ কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰাকৃতিক গেছ পাইপলাইন নেটৱৰ্ক আছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া