শ্ৰীভূমি জিলাৰ লংগাই চাহ বাগিচাত ভয়ংকৰ অগ্নিকাণ্ড
শ্ৰীভূমি, ২৮ ফেব্ৰুৱাৰী (হি.স.)। শ্ৰীভূমি জিলাৰ লংগাই চাহ বাগিচাত ভয়ংকৰ অগ্নিকাণ্ড। লংগাই চাহ বাগিচাৰ দুই নম্বৰ চেকচন''ত সংঘটিত হৈছে এই ঘটনা। দিনৰ প্ৰায় ১২ মান বজাত ১১ কেভি''ৰ উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰ ছিঙি যোৱাৰ ফলত জুইৰ সূত্ৰপা
শ্ৰীভূমি জিলাৰ লংগাই চাহ বাগিচাত ভয়ংকৰ অগ্নিকাণ্ড


শ্ৰীভূমি, ২৮ ফেব্ৰুৱাৰী (হি.স.)। শ্ৰীভূমি জিলাৰ লংগাই চাহ বাগিচাত ভয়ংকৰ অগ্নিকাণ্ড। লংগাই চাহ বাগিচাৰ দুই নম্বৰ চেকচন'ত সংঘটিত হৈছে এই ঘটনা। দিনৰ প্ৰায় ১২ মান বজাত ১১ কেভি'ৰ উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰ ছিঙি যোৱাৰ ফলত জুইৰ সূত্ৰপাত ঘটিছিল। প্ৰায় ১৫ হেক্টৰ মাটিত বিয়পি পৰিছে এই জুই।

বাগিচাৰ শ্ৰমিক সকলে বহু চেষ্টা কৰিও জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম নহ'ল। দিনৰ প্ৰায় ৩ মান বজাত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী গৈ উপস্থিত হয় ঘটনাস্থলীত। বৰ্তমানে অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নুমুৱাবলৈ চেষ্টা অব্যাহত ৰাখিছে। এই অগ্নিকাণ্ডৰ ফলত চাহ গছৰ পৰা আৰম্ভ কৰি চাৰাবাৰী ক্ষতিগ্ৰস্ত হৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande