হোলীৰ বাবে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ দ্বাৰা ষ্টেচনসমূহত ব্যাপক প্ৰস্তুতি
গুৱাহাটী, ২৮ ফেব্ৰুৱাৰী (হি.স.)। আগন্তুক হোলী উৎসৱ আৰু ৰেলযাত্ৰীৰ প্ৰত্যাশিত বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ-পূৱ সীমান্ত ৰেলৱেই ইয়াৰ সংমণ্ডলজুৰি যাত্ৰীসকলৰ বাবে সুৰক্ষিত, সুগম আৰু আৰামদায়ক ভ্ৰমণ নিশ্চিত কৰাৰ অৰ্থে বিস্তৃতভাৱে বিভিন্ন আৰু যাত্ৰী-অ
ভাৰতীয় ৰেল


গুৱাহাটী, ২৮ ফেব্ৰুৱাৰী (হি.স.)। আগন্তুক হোলী উৎসৱ আৰু ৰেলযাত্ৰীৰ প্ৰত্যাশিত বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ-পূৱ সীমান্ত ৰেলৱেই ইয়াৰ সংমণ্ডলজুৰি যাত্ৰীসকলৰ বাবে সুৰক্ষিত, সুগম আৰু আৰামদায়ক ভ্ৰমণ নিশ্চিত কৰাৰ অৰ্থে বিস্তৃতভাৱে বিভিন্ন আৰু যাত্ৰী-অনুকূল ব্যৱস্থা গ্ৰহণ কৰিছে। টীম ৱৰ্ক, সতৰ্কতা আৰু যাত্ৰী-প্ৰথম দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব দি উত্তৰ-পূব সীমান্ত ৰেলৱেই নিৰাপদ, উপযুক্ত আৰু আনন্দদায়ক উৎসৱৰ যাত্ৰা অভিজ্ঞতা প্ৰদানৰ বাবে সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ উঠিছে।

সামগ্ৰিক উৎসৱ প্ৰস্তুতি পৰিকল্পনাৰ অংশ হিচাপে অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে ভাৰতীয় ৰেলৱেৰ দ্বাৰা উত্তৰ-পূব সীমান্ত ৰেলৱেত ১৪ যোৰ হোলী বিশেষ ৰে’ল পৰিচালন কৰা হ’ব, যি সৰ্বমুঠ ১২৮ টা ট্ৰিপ পৰিচালন কৰিব। এই বিশেষ সেৱাসমূহে নিয়মীয়া ৰেলৰ পৰিচালনত পৰিপূৰক কৰি তুলিব আৰু অতিৰিক্ত ক্ষমতা প্ৰদান কৰিব, যাৰ ফলত এই অঞ্চলৰ মূখ্য গন্তব্যস্থানলৈ অহা-যোৱা কৰা যাত্ৰীসকলক যথেষ্ট লাভান্বিত কৰিব। উত্তৰ-পূব সীমান্ত ৰেলৱেৰ অধীনৰ সমগ্ৰ গুৰুত্বপূৰ্ণ ৰেলৱে ষ্টেচনত প্ৰত্যাশিত ভিৰ নিয়ন্ত্ৰণৰ অৰ্থে উৎসৱৰ উন্নত ব্যৱস্থাৱলীৰে প্ৰস্তুতপৰ্ব সম্পূৰ্ণ কৰা হৈছে।

গুৰুত্বপূৰ্ণ ষ্টেচনসমূহত যাত্ৰীৰ সমাগম ফলপ্ৰসূভাৱে নিয়ন্ত্ৰণ কৰাৰ অৰ্থে বিশেষ অপেক্ষা এলেকা স্থাপন কৰা হৈছে, য’ত ৰিয়েল-টাইম যাত্ৰী তথ্য প্ৰণালী, পৰিষ্কাৰ পানী, স্বাস্থ্যসন্মত শৌচালয়, অধিক সংখ্যক আসন আৰু উপযুক্ত ভেন্টিলেচনৰ ব্যৱস্থা কৰা হৈছে যাতে আৰাম নিশ্চিত কৰিব পৰা যায়। উন্নত নিৰাপত্তা আৰু ভিৰ নিয়ন্ত্ৰণৰ বাবে অতিৰিক্ত আৰপিএফ, জিআৰপি আৰু বাণিজ্যিক কৰ্মচাৰী ২৪ ঘণ্টাই মোতায়েন কৰা হৈছে। যাত্ৰীৰ শাৰীৰ ব্যৱস্থাপনা, নিয়ন্ত্ৰিত প্ৰৱেশ আৰু প্লেটফৰ্ম ও চতুৰ্দিশৰ এলেকাৰ অবিৰত নিৰীক্ষণেৰে অত্যধিক ভিৰ ৰোধ কৰি যাত্ৰীৰ সুগম চলাচল নিশ্চিত কৰা হৈছে।

প্ৰযুক্তিগত সমৰ্থনে প্ৰস্তুতিৰ প্ৰচেষ্টাক অধিক শক্তিশালী কৰি তুলিছে। ৰিয়েল-টাইম চিচিটিভি নিৰীক্ষণ, সংবেদনশীল স্থানত ড্ৰোন নিৰীক্ষণ, তাৎক্ষণিক টিকেটিঙৰ বাবে স্বয়ংক্ৰিয় টিকেট ভেণ্ডিং মেচিন, দ্ৰুত সঁহাৰিৰ বাবে ছেগৱে স্কুটাৰ আৰু মাণ্ডলিক কাৰ্যালয় আৰু মুখ্য কাৰ্যালয়ত বিশেষ ৱাৰ ৰুমসমূহে ২৪×৭ ঘন্টাৰ পৰিচালন ব্যৱস্থাপনা আৰু যিকোনো জৰুৰীকালীন অৱস্থাত দ্ৰুত সঁহাৰি নিশ্চিত কৰিছে।

উৎসৱৰ সময়চোৱাত মানসম্পন্ন পৰিচ্ছন্নতা বজাই ৰাখিবলৈ ষ্টেচন আৰু ৰেলসমূহত বিস্তৃত পৰিচ্ছন্নতা অভিযান চলোৱা হৈছে। পৰিচালন, বাণিজ্যিক, সুৰক্ষা আৰু অভিযান্ত্ৰিক বিভাগসমূহৰৰ মাজত পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে প্ৰস্তুতি পৰিকল্পনাৰ অবিৰত ৰূপায়ণ নিশ্চিত কৰা হৈছে। সতৰ্কতা, সমন্বয় আৰু যাত্ৰী-প্ৰথম সেৱাৰ ওপৰত গুৰুত্ব প্ৰদানেৰে উত্তৰ-পূৱ সীমান্ত ৰেলৱেই হোলী উৎসৱৰ সময়ত নিৰাপদ, সুৰক্ষিত আৰু আনন্দদায়ক ভ্ৰমণৰ অভিজ্ঞতা প্ৰদান কৰাৰ বাবে সমৰ্পিত হৈ আছে। উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই আজি এক প্ৰেছ বিবৃতিযোগে এই কথা সদৰী কৰিছে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande