বিজেপিয়ে বিটিচিৰ ৪টা সমষ্টি বিচাৰিছে, বিপিএফে ৩টা সমষ্টিহে এৰি দিবলৈ ৰাজী
বাক্সা, ২৮ ফেব্ৰুৱাৰী (হি.স.)। সমাগত বিধানসভা নিৰ্বাচনত বিজেপিয়ে বিটিচিৰ ৪টা সমষ্টি বিচাৰিছে যদিও বিপিএফে ৩টা সমষ্টিহে এৰি দিবলৈ বিচাৰিছে। বিজেপিয়ে বিজনী, তামুলপুৰ, গোৰেশ্বৰ আৰু টংলা সমষ্টিত প্ৰাৰ্থী দিব বিচাৰিছে যদিও বিপিএফে গোৰেশ্বৰ সমষ্টি এৰি
বিজেপিয়ে বিটিচিৰ ৪টা সমষ্টি বিচাৰিছে, বিপিএফে ৩টা সমষ্টিহে এৰি দিবলৈ ৰাজী


বাক্সা, ২৮ ফেব্ৰুৱাৰী (হি.স.)। সমাগত বিধানসভা নিৰ্বাচনত বিজেপিয়ে বিটিচিৰ ৪টা সমষ্টি বিচাৰিছে যদিও বিপিএফে ৩টা সমষ্টিহে এৰি দিবলৈ বিচাৰিছে। বিজেপিয়ে বিজনী, তামুলপুৰ, গোৰেশ্বৰ আৰু টংলা সমষ্টিত প্ৰাৰ্থী দিব বিচাৰিছে যদিও বিপিএফে গোৰেশ্বৰ সমষ্টি এৰি দিব বিচৰা নাই।

গোৰেশ্বৰৰ নাওকাটাত বিপিএফ পৰিষদীয় চৰকাৰৰ পাঁচ গেৰান্টিৰ চেক বিতৰণ কাৰ্যসূচী শুভাৰম্ভ কৰাৰ পিছত সংবাদ মাধ্যমৰ আগত বিটিচিৰ কাৰ্যবাহী সদস্য গণেশ কছাৰীয়ে আজি এই কথা সদৰী কৰে।

গণেশ কছাৰীয়ে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিটিচিৰ ৪টা সমষ্টি বিচাৰিছে যদিও হাগ্ৰামা মহিলাৰীয়ে ৩টা সমষ্টি দিবলৈহে মতপ্ৰকাশ কৰিছে।

গণেশ কছাৰীয়ে কয়- 'গোৰেশ্বৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত ৩টা পৰিষদীয় সমষ্টিৰ ভিতৰত আমি দুটা সমষ্টিত জয়ী হৈছো। গতিকে আমাক গোৰেশ্বৰ সমষ্টি লাগিবই ।

ইফালে গোৰেশ্বৰ সমষ্টিৰ পাৰিষদ মহেশ্বৰ বসুমতাৰীয়ে তামুলপুৰ জিলাৰ ২টা বিধান সভা সমষ্টিৰ ভিতৰত মাত্ৰ ১টাহে বিজেপিক এৰি দিয়া হব বুলি স্পষ্ট কৰি দিয়ে। উল্লেখ্য যে বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে বিটিচি নিৰ্বাচনৰ পূৰ্বে দিয়া পাঁচ গেৰাণ্টিৰ প্ৰতিশ্ৰুতি অনুসৰি আজি নাওকাটাৰ পিছতে গোৰেশ্বৰৰ বাঘডোবাত হিতাধিকাৰী সকলৰ মাজত চেক আৰু মাটিৰ পট্টা বিতৰণ কৰা হয়।

সভাত গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ পাৰিষদ মহেশ্বৰ বসুমতাৰী, গোৰেশ্বৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ত্ৰিলীনা টাইড, গোৰেশ্বৰৰ বিডিঅ জিণ্টু দত্ত ,বিপিএফৰ শুক্লাই ছেৰফাং মণ্ডল কমিটিৰ সম্পাদক দিগন্ত কুমাৰ বেজবৰুৱা, গোৰেশ্বৰ মণ্ডল বিজেপিৰ সভাপতি ধনঞ্জয় বসুমতাৰী, তামুলপুৰ জিলা যুৱ বিপিএফৰ সভাপতি দৈমু বড়ো আদি উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande