
চিৰাং, ২৮ ফেব্ৰুৱাৰী (হি.স.)। নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ মন ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য তথা আক্ৰাছুৰ প্ৰাক্তন সভাপতি বিশ্বজিৎ ৰায়ৰ। সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি তেওঁ কয় যে দলে প্ৰাৰ্থীত্ব প্ৰদান কৰিলে বিজনী নতুবা অভয়াপুৰী বিধাসভা সমষ্টিত তেওঁ প্ৰতিদণ্ডিতা কৰিবলৈ সাজু।
তেওঁ কয় যে বিজনী বিধান সভা সমষ্টিত স্থানীয় যোগ্য ব্যক্তিয়েহে প্ৰাৰ্থীত্ব পাব লাগে। বিধান সভা নিৰ্বাচনত দলে যদি প্ৰাৰ্থীত্ব প্ৰদান নকৰি মোক অন্যধৰণে সংস্থাপিত কৰে, তেতিয়াহলে দলৰ স্বাৰ্থত মানি ল'ম।
মিত্ৰতাৰ ধৰ্ম পালন কৰি যদি বঙাইগাঁও সমষ্টি অগপ ি দলক এৰি দিব লগা হ'য়, তেতিয়াহলে ফণীভূষণ চৌধুৰীয়ে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি বৰপেটা লোকসভা সমষ্টি বিজেপি দলক এৰি দিব লাগে ৷
অভয়াপুৰীত ভূপেন ৰায়ৰ কোনো গণভিক্তি নাই৷ গতিকে ব্যক্তিগতভাৱে অভয়াপুৰীত বিজেপি দলে প্ৰতিদ্বন্দিতা কৰাতো বিচাৰে বুলিও বিশ্বজিৎ ৰায়ে মন্তব্য কৰে৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা