বৰপেটা চহৰত অচিনাক্ত মৃতদেহ উদ্ধাৰ
বৰপেটা, ২৮ ফেব্ৰুৱাৰী (হি.স.)। বৰপেটা চহৰত অচিনাক্ত মৃতদেহ উদ্ধাৰ। বৰপেটা চহৰৰ গলিয়াহাটীৰ এন বি ৰোডত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হয় | এই ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে । স্থানীয় লোকে ৰাস্তাৰ কাষত পৰি থকা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্
বৰপেটা চহৰত অচিনাক্ত মৃতদেহ উদ্ধাৰ


বৰপেটা, ২৮ ফেব্ৰুৱাৰী (হি.স.)। বৰপেটা চহৰত অচিনাক্ত মৃতদেহ উদ্ধাৰ। বৰপেটা চহৰৰ গলিয়াহাটীৰ এন বি ৰোডত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হয় | এই ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

স্থানীয় লোকে ৰাস্তাৰ কাষত পৰি থকা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। এই খবৰ লাভ কৰি আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে আৰু মৰোণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰে।

আৰক্ষীৰ তথ্য অনুসৰি মৃত ব্যক্তিজনৰ বয়স প্ৰায় ৩০ ৰ পৰা ৩৫ বছৰৰ ভিতৰত হব বুলি অনুমান কৰা হৈছে যদিও। এতিয়ালৈকো মৃতদেহটো চিনাক্ত হোৱা নাই। ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande