গোলকীয় উঞ্চতা বৃদ্ধিয়ে পৃথিবীক ধ্বংসৰ মুখলৈ নিছেঃ সৌৰ থাৰ্মেল প্ৰযুক্তি এক বিকল্পঃ তেজপুৰত কৰ্মশালা
শোণিতপুৰ, ২৭ ফেব্ৰৱাৰী (হি.স.)। সম্প্ৰতি ৰাজ্যত ফেব্ৰুৱাৰী মাহতে ফেন আৰু এচি ব্যৱহাৰ কৰিবলগীয়া হৈছে ৷ এচিয়ে ভিতৰখন শীতল কৰিলেও বাহিৰত উঞ্চতা বৃদ্ধি কৰে ৷ ইয়ে মানুহৰ লগতে জীৱজন্তু তথা প্ৰকৃতিৰ প্ৰতি প্ৰত্যাহ্বানৰ সৃষ্টি কৰে ৷ ভূগৰ্ভৰ পৰা আহৰণ ইন্ধন
গোলকীয় উঞ্চতা বৃদ্ধিয়ে পৃথিবীক ধ্বংসৰ মুখলৈ নিছেঃসৌৰ থাৰ্মেল প্ৰযুক্তি এক বিকল্পঃতেজপুৰত কৰ্মশালা


গোলকীয় উঞ্চতা বৃদ্ধিয়ে পৃথিবীক ধ্বংসৰ মুখলৈ নিছেঃসৌৰ থাৰ্মেল প্ৰযুক্তি এক বিকল্পঃতেজপুৰত কৰ্মশালা


শোণিতপুৰ, ২৭ ফেব্ৰৱাৰী (হি.স.)। সম্প্ৰতি ৰাজ্যত ফেব্ৰুৱাৰী মাহতে ফেন আৰু এচি ব্যৱহাৰ কৰিবলগীয়া হৈছে ৷ এচিয়ে ভিতৰখন শীতল কৰিলেও বাহিৰত উঞ্চতা বৃদ্ধি কৰে ৷ ইয়ে মানুহৰ লগতে জীৱজন্তু তথা প্ৰকৃতিৰ প্ৰতি প্ৰত্যাহ্বানৰ সৃষ্টি কৰে ৷ ভূগৰ্ভৰ পৰা আহৰণ ইন্ধন আহৰণৰ লগতে বিভিন্ন ঔদ্যোগিক ক্ষেত্ৰত বিদ্যুতৰ লগতে আন ইন্ধন তথা কয়লাৰ দৰে সামগ্ৰীৰ ব্যৱহাৰে গোলকীয় উঞ্চতা বৃদ্ধি কৰি আহিছে ৷” তেজপুৰত আজি এক কৰ্মশালাত অংশ লৈ এইদৰে মন্তব্য় কৰে ইউনিড’ৰ ৰাষ্ট্ৰীয় সমন্বয়ক দেবজিত দাসে ৷

উল্লেখযোগ্য যে, দেশৰ কেন্দ্ৰীয় চৰকাৰৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়, ইউনাইটেড নেশ্বনছ ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট অৰ্গেনাইজেছন, জি ই এফ, চিএছটি ৰ আধাৰত আজি ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ অভিযান্ত্ৰিক বিদ্যাপীঠে শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সভাগৃহত আয়োজন কৰা কৰ্মশালা খনত অংশগ্ৰহণ কৰি ইউনিড’ৰ ৰাষ্ট্ৰীয় সমন্বয়ক দাসে উদ্যোগত কয়লাকে ধৰি আন দাহ্য সামগ্ৰী ব্যৱহাৰৰ ফলত বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি ৰোধ কৰা আৰু জৈৱ বৈচিত্ৰ্য আৰু গ্ৰীন হাউছৰ প্ৰতি অহা প্ৰত্যাহ্বান ৰোধ কৰিবলৈ ছ’লাৰ থাৰ্মেল টেকন’লজি প্ৰয়োগ জৰুৰী হৈ পৰিছে বুলি সদৰি কৰে। তেওঁ লগতে কয় যে, সৌৰশক্তি আহৰণ তথা প্ৰয়োগৰ ক্ষেত্ৰত সৰ্বসাধাৰণে সৌৰ থাৰ্মেল প্ৰযুক্তিৰ বিষয়ে অৱগত নহয় ৷ কিন্তু এই প্ৰযুক্তি অতিশয় কাৰ্যক্ষম আৰু লাভজনক তথা প্ৰয়োজন অনুসৰি ঔদ্যোগিক ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰি ৷

তেওঁ কয় “ এতিয়াই গৰম দিনত উঞ্চতাই ৪২-৪৪ ডিগ্ৰী স্পৰ্শ কৰিছে ৷ ২০৫০ত এয়া কিমানলৈকে বৃদ্ধি পাব সেই কথা অনুধাৱন কৰি ইয়াৰ ৰোধৰ ব্যৱস্থাও কৰিব লাগিব আৰু এইক্ষেত্ৰত সৌৰ থাৰ্মেল প্ৰযুক্তি যথেষ্ট সহায়ক হ’ব ৷” তেওঁ লগতে কয় “ গোলকীয় উঞ্চতা বৃদ্ধিৰ বাবেই পৃথিৱী ক্ৰমান্বয়ে ধ্বংসৰ দিশে আগবাঢ়ি আছে আৰু এনে পৰিৱেশত আমি হাত সাৱতি বহি থাকিব নোৱাৰোঁ ৷” ৰাষ্ট্ৰীয় সমন্বয়ক দাসে উদ্যোগ সমূহত এই ছ’লাৰ থাৰ্মেল প্ৰযুক্তি ব্যৱহাৰ কৰি অনাগত সময়ত ভয়াবহ গোলকীয় উষ্ণতা ৰোধ কৰাৰ লগতে জৈৱ বৈচিত্ৰ্য ৰ প্ৰতি অহা ভাবুকি ৰোধ কৰিব পৰা যাব বুলি সদৰি কৰে।

এই ক্ষেত্ৰত উদ্যোগী সকলক উৎসাহিত কৰাৰ বাবে ইউনিড’ই এই উদ্যোগী সকললৈ প্ৰকল্প ৰ বিপৰীতে ৫০ শতাংশ ৰাজ সাহায্য সৰ্বাধিক আঢ়ৈ কোটি টকা পৰ্যন্ত ৰাজ সাহায্য প্ৰদান কৰিব বুলি সদৰি কৰে আৰু এই ক্ষেত্ৰত গুৱাহাটীস্থিত আই আই টিৰ শক্তি বিভাগে প্ৰধান সহযোগী সংস্থা হিচাপে কাম কৰিব বুলি ৰাষ্ট্ৰীয় সমন্বয়ক দাসে সদৰি কৰে। তেজপুৰ বিশ্ববিদ্যালয়ৰ শক্তি বিভাগৰ অধ্যাপক ডি চি বৰুৱাই উদ্বোধন কৰি কয় যে, এই বিষয়টোক লৈ সৰ্বসাধাৰণক সজাগ কৰা উচিত আৰু আজিৰ এই কৰ্মশালা এইক্ষেত্ৰত এক উল্লেখনীয় পদক্ষেপ ৷

উল্লেখযোগ্য যে, গুৱাহাটী প্ৰযুক্তি প্ৰতিষ্ঠানৰ অধ্যাপক পংকজ কলিতাই সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰা কৰ্মশালাত ১৮ গৰাকী উদ্যোগীয়েও এই কৰ্মশালাত অংশগ্ৰহণ কৰে।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande