বৰপেটাৰ হাউলীত পথ দুৰ্ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি
বৰপেটাৰ হাউলীত পথ দুৰ্ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি।
বৰপেটাৰ হাউলীত পথ দুৰ্ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি


বৰপেটা, ২৭ ফেব্ৰুৱাৰী (হি.স.): বৰপেটাৰ হাউলীত যোৱা কালি বৃহস্পতিবাৰে বিয়লি পথ দুৰ্ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়। অবৈধভাৱে মাটি কঢ়িওৱা ডাম্পাৰৰ খুন্দাত প্ৰাণ গ''ল স্কুলীয়া ছাত্ৰৰ। তাৰ পিছতে হেজাৰ হেজাৰ ৰাইজ ৰাজপথলৈ ওলাই আহি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ সাব্য়স্ত কৰে । স্থানীয় ৰাইজে অবৈধ বালি মহলৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ কৰে ।

জানিব পৰামতে, এখন মাটি কঢ়িওৱা ট্ৰেক্টৰৰ খুন্দাত খণ্ডকাৰপাৰা হাইস্কুলৰ ছাত্ৰ আব্দুল আলিমৰ মৃত্যুৰ পিছতে সৃষ্টি হয় উক্ত চাঞ্চল্যকৰ পৰিস্থিতিৰ । স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰি কয় যে অবৈধ বালি মহলৰ পৰা চালান বিহীন অভাৰ লোড শতাধিক ট্ৰেক্টৰ আৰু ডাম্পাৰ খণ্ডকাৰপাড়াৰ গাঁৱৰ মাজেদি চলাচল কৰে যদিও কানষাৰ নাই বন বিভাগৰ। ইতিমধ্যে এইক্ষেত্ৰত বন বিভাগক বাৰে বাৰে অভিযোগ দিয়াৰ পিছতো বন বিভাগৰ নীৰব নিৰ্বিকাৰ ভূমিকাক লৈ ক্ষোভিত হৈ পৰে স্থানীয় ৰাইজ সকল । ঘটনাস্থলীত বৰপেটা জিলা আৰক্ষীৰ অতিৰিক্ত অধীক্ষক জিতেশ বৰ্মণকে ধৰি আৰক্ষীৰ এটি দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয় ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande