জুবিন গাৰ্গৰ ন্যায়ৰ তদন্তৰ বাবে গঠন কৰা হ’ব ফাষ্টট্ৰেক আদালত- কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত
গুৱাহাটী, ২৭ ফেব্ৰুৱাৰী (হি.স.)। হিয়াৰ আমঠু মৰমৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ তদন্তৰ বাবে গঠন কৰা হ’ব ফাষ্টট্ৰেক আদালত। জুবিন গাৰ্গৰ হত্যাৰ গোচৰটোৰ বাবে ফাষ্ট ট্ৰেক নাইবা এক্সক্লুচিভ আদালত গঠনৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ ওচৰত অসম
বৃহস্পতিবাৰে কেবিনেট বৈঠকৰ পাছতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল


গুৱাহাটী, ২৭ ফেব্ৰুৱাৰী (হি.স.)। হিয়াৰ আমঠু মৰমৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ তদন্তৰ বাবে গঠন কৰা হ’ব ফাষ্টট্ৰেক আদালত। জুবিন গাৰ্গৰ হত্যাৰ গোচৰটোৰ বাবে ফাষ্ট ট্ৰেক নাইবা এক্সক্লুচিভ আদালত গঠনৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ ওচৰত অসম চৰকাৰে অনুৰোধ জনাব । ৰাজ্য চৰকাৰৰ কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৃহস্পতিবাৰে কেবিনেট বৈঠকৰ পাছতে এই কথা সদৰী কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ।

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বৃহস্পতিবাৰে নিশা দিছপুৰৰ লোক সেৱা ভৱনত অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক । কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকৰ অন্তত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি কেবিনেটৰ সিদ্ধান্ত সমূহ সদৰী কৰে ।

সংবাদমেলত মুখ্যমন্ত্রীয়ে কয়, জুবিন গাৰ্গৰ পৰিয়ালে ফাষ্ট ট্রেক আদালত বিচৰাৰ বাবে চৰকাৰে এই সিদ্ধান্ত লৈছে । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক ফাষ্টট্রেক নাইবা এক্সক্লুচিভ আদালতত জুবিন গাৰ্গৰ হত্যাৰ গোচৰটো চলোৱাৰ বাবে অনুৰোধ জনোৱা হ'ব।

কেবিনেটৰ আন এটা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, যে সংগীতশিল্পী প্ৰয়াত ৰাজীৱ শদিয়াৰ পত্নী উপাসনা বকলিয়াল গগৈক ৰাজ্য চৰকাৰে চৰকাৰী চাকৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । কেবিনেটে উপাসনা বকলিয়াল গগৈক তিনিচুকীয়া জিলাত ৰাজ্য চৰকাৰৰ তৃতীয় বৰ্গৰ চাকৰি দিয়াৰ বাবে অনুমোদন জনাইছে।

কেবিনেটৰ আন সিদ্ধান্তৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, চাহ শ্ৰমিকৰ অন্তৱৰ্তীকালীন মজুৰি বৃদ্ধিৰ সিদ্ধান্ত কেবিনেটত গ্ৰহণ কৰা হয় । সেই অনুসৰি পহিলা এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ চাহ শ্ৰমিকৰ মজুৰি ৩০ টকা বৃদ্ধি কৰা হৈছে । ইয়াৰ ফলত ব্ৰহ্মপুত্র উপত্যকাত চাহ শ্ৰমিকৰ দৈনিক মজুৰি ২৮০ টকা আৰু বৰাক উপত্যকাত ২৬৮ টকা হ'ব । ছমাহ পিছত নতুন লেবাৰ ক'ড কাৰ্যকৰী হ'লে মজুৰি আৰু বৃদ্ধি পাব ।

আনহাতে কেবিনেট বৈঠকত লোক নিৰ্মাণ বিভাগৰ ৫৭ গৰাকী কনিষ্ঠ অভিযন্তাৰ চাকৰি নিয়মীয়াকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । সেইদৰে মিছন বসুন্ধৰাৰ অধীনত ৩২৬ টা পৰিয়ালক মাটিৰ পট্টা দিয়াৰ সিদ্ধান্ত কেবিনেটত গ্ৰহণ কৰা হয় । কেবিনেটে সতী সাধনী বিশ্ববিদ্যালয়ৰ সমীপত ল'ৰা আৰু ছোৱালীৰ বাবে দুটা আৱাস নিৰ্মাণৰ লগতে এটা মিউজিয়াম নিৰ্মাণৰ বাবে গোলাঘাট জিলা চুতীয়া ছাত্র সন্থাক ৮ বিঘা মাটি আবণ্টন দিয়ে । আনহাতে কেবিনেটে বৰাকৰ শ্ৰীভূমি জিলাৰ পাথাৰকান্দিত এখন কৃষি বিশ্ববিদ্যালয় নিৰ্মাণৰ বাবে অনুমোদন জনায় । ১২২ কোটি টকা ব্যয়েৰে কৃষি বিশ্ববিদ্যালয়খন নিৰ্মাণ কৰা হ'ব ।

ইপিনে গুৱাহাটীৰ ধাৰাপুৰত জাহাজ নিৰ্মাণৰ বাবে কেবিনেটে এটা কোম্পানীক অনুমতি প্ৰদান কৰে । ইণ্টিগ্ৰেটেড চি পি আৰ আৰু কণ্টেইনাৰ বনাবৰ বাবে ভাৰত এ টু জেড প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৱে ৪৭৫ কোটি টকা ব্যয় কৰিব । কেবিনেটে শিলচৰত প'ল' টাৱাৰ হোটেলক এখন পঞ্চ তাৰকাযুক্ত হোটেল নিৰ্মাণ কৰিবলৈ অনুমতি প্ৰদান কৰে । প'ল' টাৱাৰ লিমিটেডে ইয়াৰ বাবে ১০৩ কোটি টকা ব্যয় কৰিব ।

মুখ্যমন্ত্রীয়ে লগতে কয়, যে কেবিনেটে লোক নিৰ্মাণ বিভাগক ২৪১ টা পথ নিৰ্মাণৰ বাবে ৫১৯ কোটি টকা আৰ আই ডি এফৰ অধীনত অনুমোদন জনায় । কেবিনেটত বিমানত ব্যৱহাৰ হোৱা এভিয়েচন টাৰৱাইন ফুৱেলৰ ওপৰত থকা অসম চৰকাৰৰ ভেট ৫ শতাংশ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । ইয়াৰ ফলত ২৩.৬৫ টকাৰ ঠাইত ১৮.৬৫ টকা হ'ব আৰু কলকাতাৰ সমপৰ্যায়ৰ হ'ব ।

আনহাতে ১১ মাৰ্চত মুখ্যমন্ত্রীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় কিস্তিৰ ধন মুকলি কৰি দিয়া হ'ব । ইয়াৰ বাবে প্ৰয়োজনীয় ১৩০ কোটি টকা কেবিনেটে অনুমোদন জনায় । আনহাতে কেবিনেটত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকভিত্তিক কৰ্মচাৰীৰ চাকৰি ৬০ বছৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । ৪৫ বছৰৰ ওপৰৰ কৰ্মচাৰীৰ ক্ষেত্ৰত এই সিদ্ধান্ত প্ৰযোজ্য হ'ব । ৰাজ্যৰ ৩৩৬৫৬ গৰাকী আশাকৰ্মী আৰু ২৫৭০ গৰাকী আশা চুপাৰভাইজাৰক স্কুটী দিয়াৰ সিদ্ধান্ত কেবিনেটত গ্ৰহণ কৰা হয় । 'আশা এক্সপ্ৰেছ' নামেৰে এই স্কুটী দিয়া হ'ব । অৱশ্যে আশাৰ চাকৰি বাদ দিলে স্কুটী ঘূৰাই দিব লাগিব ।

ইফালে অৰুণোদয়ৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, যে কেবিনেটে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে । সেই অনুসৰি এটা দিনত আটাইতকৈ বেছি ডিবিটি চৰকাৰৰ ৰাজকোষৰ পৰা অৰুণোদয় হিতাধিকাৰীসকললৈ যাব । ১০ মাৰ্চৰ পুৱা ১১ বজাত ৰাজ্যৰ ৪৯ লাখ ৭০ হাজাৰ অৰুণোদয় হিতাধিকাৰীক ৯ হাজাৰ টকা হস্তান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । ইয়াৰ বাবে এটা দিনত ৰাজ্য চৰকাৰৰ ব্যয় হ'ব ৩৬০০ কোটি টকা । অসমৰ ইতিহাসত এটা দিনত হস্তান্তৰিত হোৱা এইটোৱেই আটাইতকৈ বৃহত ধন হ'ব । সভা কৰি ধন বিতৰণ কৰা হ'ব আৰু গুৱাহাটীত কেন্দ্ৰীয়ভাৱে এয়া অনুষ্ঠিত কৰা হ'ব ।

মুখ্যমন্ত্রীয়ে লগতে কয় যে গুৱাহাটীৰ ভৰলুমুখৰ উৰণ সেতুখন ৪ মাৰ্চত উদ্বোধন কৰা হ'ব আৰু সেতুখন প্ৰাক্তন কেন্দ্ৰীয় মন্ত্রী দীনেশ গোস্বামীৰ নামত উচৰ্গা কৰা হ'ব । ইফালে ১১ মাৰ্চত যোৰহাটৰ উৰণ সেতু মুকলি কৰা হ'ব । লগতে ডিফু, লামডিং, লংকা, তিনিচুকীয়া আৰু দুলিয়াজানৰ উৰণ সেতু ১১ মাৰ্চত মুকলি কৰাৰ পৰিকল্পনা কৰা হৈছে । আনহাতে গুৱাহাটীৰ চানমাৰিৰ উৰণ সেতুখন ১০ মাৰ্চত মুকলি কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে সদৰি কৰে ।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande