জন আশীৰ্বাদ যাত্ৰাৰে প্ৰতিদিনে ১ লাখ জনসাধাৰণৰ লগত সম্পৰ্ক স্থাপনৰ প্ৰচেষ্টা ৰাজ্যিক বিজেপিৰ
গুৱাহাটী, ২৭ ফেব্ৰুৱাৰী (হি.স.)। ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ অন্তৰ্গত গুপ্তেশ্বৰ মন্দিৰৰ পৰা সমগ্ৰ অসমৰ প্ৰতিটো অঞ্চলৰ জনসাধাৰণৰ লগত সম্পৰ্ক স্থাপনৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ নেতৃত্বত আৰম্ভ হ’ব “জন
বিজেপিৰ দলীয় পতাকা


গুৱাহাটী, ২৭ ফেব্ৰুৱাৰী (হি.স.)। ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ অন্তৰ্গত গুপ্তেশ্বৰ মন্দিৰৰ পৰা সমগ্ৰ অসমৰ প্ৰতিটো অঞ্চলৰ জনসাধাৰণৰ লগত সম্পৰ্ক স্থাপনৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ নেতৃত্বত আৰম্ভ হ’ব “জন আশীৰ্বাদ যাত্ৰা”৷

দৈনিক এক লক্ষ লোকক সংযোজিত কৰাৰ পৰিকল্পনাৰে প্ৰথম পৰ্যায়ত অহা ৯ মাৰ্চলৈকে ৮ দিনীয়া প্ৰাৰম্ভিক কাৰ্যসূচী ইতিমধ্যে দলে ঘোষণা কৰিছে৷ এই যাত্ৰাৰ জৰিয়তে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ জনকল্যাণমূলক কাম-কাজসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ লগতে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে অসমবাসীৰ আশীৰ্বাদ বিচাৰিব।

আজি ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত অনুষ্ঠিত এক সংবাদমেল সম্বোধন কৰি দলৰ মুখপাত্ৰ জয়ন্ত কুমাৰ গোস্বামীয়ে কয় যে যি সময়ত বিজেপিয়ে সংগবদ্ধ শক্তিৰে নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে, একেটা সময়তে কংগ্ৰেছ আৰু বিৰোধী দলসমূহে মিত্ৰতাক লৈ নিজৰ মাজতে যুঁজি আছে৷

অখিল গগৈয়ে ৰিজৰ্টত লুকাই লুকাই ভিডিঅ বনাইছে, লুৰীণজ্যোতি গগৈয়ে কংগ্ৰেছক বিছনাত শুই সিদ্ধান্ত ল’বলৈ কৈছে। আনহাতে গৌৰৱ গগৈয়ে কংগ্ৰেছ কাৰ্যালয়ত ইফতাৰ অনুষ্ঠিত কৰাৰো খবৰ আহিছে বুলিও মুখপাত্ৰ গোস্বামীয়ে কয়৷ কংগ্ৰেছৰ সময় পৰিৱৰ্তনৰ যাত্ৰাৰ কটাক্ষ কৰি মুখপাত্ৰ গৰাকীয়ে কয় যে প্ৰকৃততে কংগ্ৰেছৰ এই যাত্ৰাই দলটো সংকোচিত কৰিছে৷

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande