দিল্লী সুৰা নীতিৰ গোচৰত দিল্লী আদালতৰ সিদ্ধান্তৰ পিছতে বিজেপিক আক্ৰমণ তৃণমূল কংগ্ৰেছ
কলকাতা, ২৭ ফেব্ৰুৱাৰী (হি.স.)। আম আদমি পাৰ্টিৰ কথিত আবকাৰী নীতিৰ সৈতে জড়িত গোচৰৰ অভিযোগৰ পৰা প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াক দোষমুক্ত কৰিলে দিল্লীৰ আদালতে। তৃণমূল কংগ্ৰেছে আদালতৰ এই সিদ্ধান্তক আ
महुआ


কলকাতা, ২৭ ফেব্ৰুৱাৰী (হি.স.)। আম আদমি পাৰ্টিৰ কথিত আবকাৰী নীতিৰ সৈতে জড়িত গোচৰৰ অভিযোগৰ পৰা প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াক দোষমুক্ত কৰিলে দিল্লীৰ আদালতে। তৃণমূল কংগ্ৰেছে আদালতৰ এই সিদ্ধান্তক আদৰণি জনাই ভাৰতীয় জনতা পাৰ্টিয়ে কেন্দ্ৰীয় সংস্থাসমূহৰ অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে।

আদালতৰ এই সিদ্ধান্তৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তৃণমূল কংগ্ৰেছৰ সাংসদ সাকেঠ গোখলেই কয় যে এই গোচৰটো ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত আৰু বিৰোধী নেতাৰ ভাবমূৰ্তি কলংকিত কৰিবলৈ ৰচনা কৰা হৈছে। তেওঁ অভিযোগ কৰে যে বিজেপিয়ে কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰো (চিবিআই) আৰু প্ৰৱৰ্তন সঞ্চালকালয় (ইডি)ৰ দৰে সংস্থাৰ অপব্যৱহাৰ কৰিছিল, যিটো এতিয়া উন্মোচিত হৈছে।

তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মইত্ৰাই লোকসভাত অৰবিন্দ কেজৰিৱালক অভিনন্দন জনোৱাৰ লগতে বিজেপিৰ এই কাৰ্যক সমালোচনা কৰে। নিৰ্বাচনৰ পূৰ্বে বিৰোধী দলক লক্ষ্য কৰি লোৱাটো গণতান্ত্ৰিক পৰম্পৰাৰ লক্ষণ নহয় বুলিও তেওঁ কয় ।

তৃণমূল কংগ্ৰেছে ধাৰাবাহিকভাৱে অভিযোগ কৰি আহিছে যে বিজেপিয়ে নিৰ্বাচনৰ সময়ত বিৰোধী দলৰ নেতাৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ কেন্দ্ৰীয় সংস্থা ব্যৱহাৰ কৰে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande