প্ৰবল ভূমিকম্পই পুনৰ কঁপাইছে সমগ্ৰ বংগ, কলকাতাকে ধৰি কেইবাখনো জিলাত আতংক
কলকাতা, ২৭ ফেব্ৰুৱাৰী (হি.স.)। শুকুৰবাৰে বিয়লি পুনৰবাৰ সমগ্ৰ বংগক জোকাৰি গ’ল প্ৰবল কঁপনিয়ে। দিনৰ প্ৰায় ১:২০ বজাত কলকাতা আৰু ইয়াৰ আশে-পাশে থকা জিলাসমূহত প্ৰচণ্ড কঁপনি অনুভূত হয়। হঠাতে হোৱা ভূমিকম্পই আতংকৰ সৃষ্টি কৰিছিল আৰু মানুহে ঘৰ-দুৱাৰ আৰু
सांकेतिक तस्वीर


কলকাতা, ২৭ ফেব্ৰুৱাৰী (হি.স.)। শুকুৰবাৰে বিয়লি পুনৰবাৰ সমগ্ৰ বংগক জোকাৰি গ’ল প্ৰবল কঁপনিয়ে। দিনৰ প্ৰায় ১:২০ বজাত কলকাতা আৰু ইয়াৰ আশে-পাশে থকা জিলাসমূহত প্ৰচণ্ড কঁপনি অনুভূত হয়। হঠাতে হোৱা ভূমিকম্পই আতংকৰ সৃষ্টি কৰিছিল আৰু মানুহে ঘৰ-দুৱাৰ আৰু কাৰ্যালয়ৰ পৰা ৰাস্তালৈ লৰালৰিকৈ ওলাই আহিছিল। বাসিন্দাসকলে কয় যে তেওঁলোকে আগতে কেতিয়াও ইমান তীব্ৰ কঁপনিৰ সন্মুখীন হোৱা নাছিল।

প্ৰাথমিক তথ্য অনুসৰি ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৪.৯ৰ পৰা ৫ৰ ভিতৰত আছিল। কেইবাটাও মোবাইল এলাৰ্টত ইয়াৰ মাত্ৰা ৫ বুলি ৰিপৰ্ট কৰা হৈছে।উচ্চ অট্টালিকাত বাস কৰা লোকসকলে প্ৰচণ্ড কঁপনিৰ সন্মুখীন হৈছিল। প্ৰায় এক মিনিট সময় ধৰি এই প্ৰভাৱ পৰিল।

সূত্ৰ অনুসৰি এই ভূমিকম্প কেৱল বংগতে সীমাবদ্ধ নাছিল; চুবুৰীয়া বাংলাদেশতো অনুভৱ কৰা হৈছিল। কলকাতাত ৰিখটাৰ স্কেলত ৩.৬ প্ৰাবল্য, বাংলাদেশত ৫.৫ তীব্ৰতাৰ অনুভৱ কৰা হৈছিল। প্ৰাথমিক প্ৰতিবেদন অনুসৰি ভূমিকম্পৰ কেন্দ্ৰবিন্দু বাংলাদেশৰ খুলনা অঞ্চলত আছিল।

পশ্চিম বংগৰ নাদিয়া, হুগলী, পূব আৰু পশ্চিম মেদিনীপুৰ, উত্তৰ আৰু দক্ষিণ ২৪ পৰগনা, সুন্দৰবনকে ধৰি কেইবাটাও অঞ্চলত প্ৰবল কঁপনি অনুভৱ কৰা হয়।

কিন্তু এই প্ৰতিবেদন লিখাৰ সময় পৰ্যন্ত কোনো আনুষ্ঠানিকভাৱে প্ৰাণ বা সা-সম্পত্তিৰ ক্ষতিৰ খবৰ পোৱা নাই। পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে প্ৰশাসনে। ভূমিকম্পৰ পিছত কিছুদিন ধৰি ভয়ৰ পৰিৱেশ বিৰাজ কৰিছিল আৰু বহু অঞ্চলত সতৰ্কতামূলক ব্যৱস্থা হিচাপে মুকলি ঠাইত আশ্ৰয় লৈ থকা দেখা গৈছিল।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande