
কামৰূপ, ২৭ফেব্ৰুৱাৰী (হি.স.)। কামৰূপৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত দলিবাৰীত আজি সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা । মালবাহী টাটা মেজিক আৰু বাইকৰ মাজত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত বংশৰৰ কুশল ডেকা (২৮) আৰু দেবিৰাম ডেকা (৫০) গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয়। দূৰ্ঘটনাস্থলীত হাজো আৰক্ষী উপস্থিত হৈ আঘাটপ্ৰাপ্ত দুয়োজনকে উদ্ধাৰ কৰি হাজো প্ৰাথমিক স্বাস্থ্য় কেন্দ্ৰত ভৰ্তি কৰে।
উন্নত চিকিৎসাৰ বাবে পিছত আহত দুয়োজনকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হয়।
দুৰ্ঘটনা সংঘটিত কৰা মালবাহী টাটা মেজিক বাহন খনৰ নম্বৰ হৈছে এএছ ২৫এফচি ৪১২৮ আৰু দুচকীয়া বাহন খনৰ নম্বৰ হৈছে এএছ ২৫ৱাই ৬২০৩।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু