
গুৱাহাটী, ২৭ ফেব্ৰুৱাৰী (হি.স.)। কৃষক উৎপাদক সংস্থাসমূহলৈ চৰকাৰে আগবঢ়োৱা আৰ্থিক অনুদান কৃষকৰ উন্নয়নৰ ক্ষেত্ৰত এক যুগান্তকাৰী পদক্ষেপ। এই মন্তব্য ভাৰতীয় কিষাণ সংঘৰ অসমৰ সাংগঠনিক সম্পাদক কৃষ্ণকান্ত বৰাৰ। আজি দিছপুৰ প্ৰেছক্লাৱত বৰাই এক সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে।
তেওঁ কয় যে, মুখ্যমন্ত্ৰী উৎকৰ্ষ যোজনাৰ অধীনত অসম চৰকাৰে অসমৰ ২৫৪ টা কৃষক উৎপাদক সংস্থালৈ প্রাৰম্ভিক পুঁজি (চিড মানি) হিচাপে আৰ্থিক অনুদান আগবঢ়াই এক যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিলে, তাৰ বাবে ভাৰতীয় কিষাণ সংঘই সন্মানীয় মুখ্যমন্ত্ৰীৰ লগতে অসম চৰকাৰৰ শলাগ লৈছে। বহু কৃষক উৎপাদক সংস্থাই তেওঁলোকৰ যাৱতীয় সকলো সা-সুবিধা থকাৰ পিছতো একমাত্ৰ প্রাৰম্ভিক পুঁজি নথকাৰ বাবেই আগবাঢ়িব পৰা নাছিল তথা বহু সময়ত কৃষক উৎপাদক সংস্থাৰ নিজা উদ্যোগ থকাৰ পিছতো কেঁচা সামগ্ৰী ক্ৰয়ৰ বাবে মূলধন নথকাৰ বাবে উদ্যোগ স্থাপন কৰিও অচলাৱস্থাত থকা দেখা গৈছিল। গতিকে অসম চৰকাৰৰ এই আৰ্থিক অনুদানে কৃষকসকলক যথেষ্ট সকাহ দিব বুলি বৰাই আশা প্ৰকাশ কৰে।
বৰাই কয়, বিশেষকৈ মহিলা কৃষক উৎপাদক সংস্থা আৰু ভিতৰুৱা অঞ্চলৰ উপান্ত কৃষক জড়িত কৃষক উৎপাদক সংস্থাৰ কাৰণে এই ধনৰাশিয়ে মৃত সঞ্জীৱনীৰ কাম কৰিব। আমি এই অনুদান প্ৰাপ্তিৰ বাবে কৃষক উৎপাদক সংস্থাসমূহক অভিনন্দন জনাইছোঁ আৰু অনাগত দিনৰ বাবে শুভকামনা জনাইছোঁ। ভাৰতীয় কিষাণ সংঘই বিগত ১০ বছৰৰ আগৰ পৰাই অসমত কৃষক উৎপাদক সংস্থা গঠন, কৃষকসকলৰ মাজত সজাগতা সৃষ্টিৰ জৰিয়তে কৃষক উৎপাদক সংস্থাৰ প্ৰয়োজনীয়তা, চৰকাৰ তথা ব্যৱসায়িক ক্ষেত্ৰখনত যোগসূত্ৰ স্থাপন কৰা আদি কামত অবিৰতভাৱে ব্ৰতী হৈ আছে যাৰ সুফল স্বৰূপে ইতিমধ্যে অসমৰ প্রায় সকলো জিলাতে ভাৰতীয় কিষাণ সংঘৰ সক্ৰিয় সহযোগিতাত তথা মাৰ্গদৰ্শনত শতাধিক কৃষক উৎপাদক সংস্থা গঢ় লৈ উঠিছে।
ইফালে চৰকাৰে আগবঢ়োৱা অনুদান যাতে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কৃষক উৎপাদক সংস্থাসমূহে কাৰ্যকৰী কৰি লাভান্বিত হ'ব পাৰে তাৰ বাবে ভাৰতীয় কিষাণ সংঘই অসম চৰকাৰক কেইটামান দাবী পূৰ্তিৰ বাবে আহ্বান জনাই। সেইকেইটা হল যে জিলা কৃষি বিষয়াৰ কাৰ্য্যালয়ৰ পৰা এই অনুদানৰ সৎ ব্যৱহাৰৰ ওপৰত চোকা নজৰ ৰাখিব লাগে আৰু এই ক্ষেত্ৰত অনুদান ৰাশিৰ ব্যৱহাৰৰ ওপৰত সি লাগিলে কেঁচা মাল ক্ৰয়েই হওঁক বা উদ্যোগ স্থাপন তথা আন্তঃগাঠনি উন্নয়ন যিয়েই নকৰক তাৰ ওপৰত সঠিক মাৰ্গদৰ্শন আৰু পৰামৰ্শ প্রদানৰ ব্যৱস্থা কৰিব লাগে।
দ্বিতীয়তে কৃষক উৎপাদক সংস্থাসমূহে যাতে তেওঁলোকৰ ব্যৱসায় আগবঢ়াই নিয়াত অসুবিধা নাথাকে তথা আন্তঃগাঠনি উন্নয়নত সঠিক মাৰ্গদৰ্শন পাইছে নে নাই আদি তদাৰক কৰাৰ বাবে চৰকাৰে ৰাজ্যিক পৰ্যায়ত এখন বিশেষজ্ঞ তথা অভিজ্ঞ ব্যক্তিৰ স্পেচিয়েল টাক্স ফৰ্চ সমিতি গঠন কৰিব লাগে।
আনহাতে খিলঞ্জীয়া বীজ উৎপাদক কৃষি উদ্যমী, আদৰ্শ কৃষক উৎপাদক সংস্থাক উচ্ছেদিত ভূমিৰ আবণ্টন দি তাত জলবায়ুৰ লগত খাপ খোৱা বীজ উৎপাদন আৰু অসমত ব্যাপক চাহিদা থকা অত্যাৱশ্যকীয় সামগ্ৰী যেনে - মচুৰ মাহ, মাটি মাহ, সৰিয়হ, আলু, পিয়াজ, নহৰু আদি ব্যাপক পৰিসৰত খেতি কৰোৱাৰ বাবে পাইলট প্রজেক্ট গ্ৰহণ কৰিব লাগে। বীজ উৎপাদক কৃষক তথা কৃষক উৎপাদক সংস্থাৰ পৰা চৰকাৰে বীজ ত্ৰয়ৰ ব্যৱস্থা কৰিব লাগে।
আনহাতে চৰকাৰে কৃষকৰ ধান ত্ৰুয় কৰি যি সূদুৰ প্ৰসাৰী পদক্ষেপ গ্ৰহণ কৰিলে তাৰবাবে কৃষক সমাজ চৰকাৰৰ ওচৰত সদায় কৃতজ্ঞ তথাপিও বৰ্তমান সময়ত এফ.চি.আই. তথা অন্যান্য ধান ক্ৰয় এজেন্সীসমূহে কৃষকৰ ধান ক্ৰয় ব্যৱস্থাটোত পিপিচি চেণ্টাৰৰ মেনেজাৰ আৰু ধান মিল মালিকসকলৰ কৃষকৰ প্ৰতি দায়বদ্ধতাৰ সঠিক মূল্যাংকনৰ ওপৰত এক বাস্তৱিক অধ্যয়ন হ'ব লাগে।
ইয়াৰ উপৰি কৃষি বিভাগৰ ৰেহাই মূল্যত প্ৰদান কৰা সৌৰশক্তি চালিত অগভীৰ নলী-নাদ আৰু জলসিঞ্চন বিভাগৰ জলসিঞ্চন আঁচনি সমূহৰ ৰূপায়ণত মুখ্যমন্ত্ৰীৰ চোকা নজৰ ৰাখিবলৈ আহ্বান জনায় ভাৰতীয় কিষাণ সংঘৰ নেতাগৰাকীয়ে।
আজিৰ এই সংবাদমেলত ভাৰতীয় কিষাণ সংঘৰ অসমৰ ৰাজ্যিক কোষাধ্যক্ষ বিকাশ সিংহ আৰু ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য প্ৰদীপ পাঠকো উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী