
যোৰহাট, ২৭ ফেব্ৰুৱাৰী (হি.স.)। চাহ শ্ৰমিকৰ মজুৰি ৩০ টকা বৃদ্ধিক কেন্দ্ৰ কৰি টীয়কত আটছাৰ প্ৰতিক্ৰিয়া। এইটো এক নিৰ্বাচনী টোপ বুলি অভিহিত কৰে আটছাৰ নেতৃবৃন্দই। পূৰ্বৰ দাবী অনুসৰি মজুৰি ৫৫১ টকা কৰিবলৈ আহ্বান। শ্ৰম মন্ত্ৰী ৰূপেশ গুৱালাৰ কৰ্মত অসন্তুষ্টি প্ৰকাশ।
ৰাজ্যৰ বিধানসভাৰ শেহতীয়া অধিৱেশনৰ অন্তিম দিনা মুখ্যমন্ত্ৰীয়ে চাহ শ্রমিক সকলৰ দৈনিক মজুৰি বৃদ্ধি কৰাৰ কথা ঘোষণা কৰাত ৰাজ্যজুৰি চাহ শ্রমিক সকল আনন্দিত হৈছিল কিন্তু সেই সময় প্ৰকৃততে কিমান টকা বৃদ্ধি হ’ব মজুৰী মুখ্যমন্ত্ৰী জনে স্পষ্ট কৰা নাছিল ৷
শেহতীয়াভাবে মুখ্যমন্ত্ৰীয়ে ১ মাৰ্চৰ পৰা মজুৰি কেৱল ৩০ টকা বৃদ্ধি হ’ব বুলি কোৱাৰ ল’গে ল'গেই ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে শ্ৰমিক তথা চাহ জনগোষ্ঠীয় বিভিন্ন সংগঠনৰ মাজত। একে পৰিবেশ টীয়ক চাহ বাগিছাত। আটছাৰ বিষয়ববীয়া উপস্থিত হৈ এয়া মাত্ৰ নিৰ্বাচনী টোপ বুলি অভিহিত কৰি বৰ্তমান অসম চৰকাৰৰ শ্ৰম মন্ত্ৰী ৰূপেশ গুৱালাক ক্ষুৰধাৰ সমালোচনা কৰে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু