তামিলনাডুৰ এক বৃহৎ ৰাজনৈতিক পৰিঘটনাঃ প্ৰাক্তন মুখ্যমন্ত্ৰী অ’ পানীৰচেলভামে ডি এম কেত যোগদান
চেন্নাই, ২৭ ফেব্ৰুৱাৰী (হি.স.)। তামিলনাডু বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনত এক বৃহৎ ৰাজনৈতিক উত্তাল পৰিস্থিতিৰ সৃষ্টি হৈছে। নিখিল ভাৰতীয় আন্না দ্ৰাবিড় মুনেত্ৰ কাঝাগম (এআইএডিএমকে)ৰ প্ৰাক্তন নেতা অ’ পন্নীৰচেলভামে দল এৰিলে। শাসকীয় দ্ৰাবিদা মুনেত্
पूर्व मुख्यमंत्री ओ. पन्नीरसेल्वम डीएमके में शामिल


চেন্নাই, ২৭ ফেব্ৰুৱাৰী (হি.স.)। তামিলনাডু বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনত এক বৃহৎ ৰাজনৈতিক উত্তাল পৰিস্থিতিৰ সৃষ্টি হৈছে। নিখিল ভাৰতীয় আন্না দ্ৰাবিড় মুনেত্ৰ কাঝাগম (এআইএডিএমকে)ৰ প্ৰাক্তন নেতা অ’ পন্নীৰচেলভামে দল এৰিলে। শাসকীয় দ্ৰাবিদা মুনেত্ৰ কাঝাগাম (ডি এম কে) দলত যোগদান কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।

সঁচাকৈ ৰাজ্যৰ এ আই এ ডি এম কে শিবিৰৰ ভিতৰত বিগত কিছুদিন ধৰি অশান্তিৰ সৃষ্টি হৈছে৷ দলৰ প্ৰাক্তন মুৰব্বী অ’ পনীৰচেলভামে বিগত কিছুদিন ধৰি ডি এম কেৰ সমৰ্থনত বক্তব্য প্ৰদান কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী অ’ পন্নীৰচেলভামে অসন্তুষ্টিৰ প্ৰতিফলন ঘটাইছিল। শুকুৰবাৰে মুখ্যমন্ত্ৰী এম.কে. ষ্টেলিনৰ উপস্থিতিত ডিএমকে দলত যোগদান কৰে। তিনিবাৰকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছে পন্নীৰচেলভামে। তেওঁক তামিল নেতা জয়ললিতাৰ নিষ্ঠাবান মিত্ৰ হিচাপে গণ্য কৰা হয়। পন্নীৰ এই পদক্ষেপে ৰাজ্যখনত নতুন মেৰুকৰণৰ সূচনা কৰিব পাৰে।

২০২৬ চনৰ এপ্ৰিল মাহত হ’বলগীয়া প্ৰত্যাশিত বিধানসভা নিৰ্বাচনৰ ঠিক আগতে পন্নীৰচেলভামে ডি এম কেত যোগদান কৰাটো এক বৃহৎ ৰাজনৈতিক পৰিৱৰ্তন বুলি বিবেচিত হৈছে। পন্নীৰচেলভামৰ এই পদক্ষেপে ৰাজ্যত ৰাজনৈতিক কাৰ্যকলাপ তীব্ৰতৰ কৰি তুলিছে। ডি এম কে আৰু এ আই এ ডি এম কেক তামিলনাডুৰ ৰাজনীতিত দুটা প্ৰধান আৰু শক্তিশালী দল বুলি গণ্য কৰা হয়, আৰু মূল প্ৰতিদ্বন্দ্বিতা তেওঁলোকৰ মাজত। বিজেপি নেতৃত্বাধীন এন ডি এৰ সৈতে মিত্ৰতা কৰিছে এ আই এ ডি এম কেৰ। এই মিত্ৰতাত বিজেপি, তামিল মানিলা কংগ্ৰেছ, আৰু অনবুমণি ৰামদোছৰ পট্টলি মক্কল কট্চি (পিএমকে) আদি দল অন্তৰ্ভুক্ত। ডি এম কে মিত্ৰজোঁটত ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ লগত জড়িত দলসমূহৰ উপৰিও মক্কল নিধি মৈয়াম আৰু ডি এম ডি কেও অন্তৰ্ভুক্ত কৰা হৈছে।

এআইএডিএমকেৰ পৰা বহিষ্কাৰ

কেইবাবাৰো আলোচনাৰ অন্তত পান্নীৰ আৰু পালানী ফৈদ পুনৰ একত্ৰিত হৈছিল। সেই সময়ত এদাপ্পাদি পালানিস্বামী মুখ্যমন্ত্ৰী আৰু অ’ পন্নীৰচেলভাম উপ-মুখ্যমন্ত্ৰী হয়। কিন্তু পিছত পালানিস্বামীয়ে মতানৈক্যৰ বাবে পন্নীৰচেলভমক এআইএডিএমকেৰ পৰা বহিষ্কাৰ কৰে। পৰৱৰ্তী সময়ত এআইএডিএমকে শ্ৰমিকৰ অধিকাৰ উদ্ধাৰ সমিতি গঠন কৰি দলটোক একত্ৰিত কৰাৰ প্ৰয়াস কৰিছিল পন্নীৰচেলভামে। অৱশ্যে পালানিস্বামীয়ে স্পষ্ট কৰি দিয়ে যে অ’ পন্নীৰচেলভামক দলত পুনৰ ভৰ্তি কৰা নহ’ব।

কেইবামাহো ধৰি আলোচনা চলি আছিল

খবৰ অনুসৰি তেতিয়াৰ পৰাই অ’ পন্নীৰেচেলভামে ডি এম কেত যোগদানৰ সন্দৰ্ভত আলোচনা চলি আছিল। ২০২৫ চনৰ ২১ জুলাইত যেতিয়া মুখ্যমন্ত্ৰী এম. ষ্টেলিন মৰ্নিং ৱাকত আছিল, পন্নীৰচেলভামে তেওঁৰ বাসগৃহলৈ গৈছিল। সেই সময়ত তেওঁ ইয়াক কেৱল সৌজন্যমূলক আহ্বান বুলি অভিহিত কৰিছিল।

ৰাজনৈতিক অস্থিৰতাৰ মাজতে অ’ পন্নীৰচেলভামৰ ডি এম কেত যোগদান কৰাটো তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে। খবৰ অনুসৰি কেইবামাহো ধৰি আলোচনা চলি আছিল। জয়াললিতাৰ মৃত্যুৰ পিছত মুখ্যমন্ত্ৰীৰ পদ গ্ৰহণ কৰে অ’ পানীৰচেলভামে। পিছলৈ এ আই এ ডি এম কেৰ ভিতৰত থকা আভ্যন্তৰীণ মতানৈক্যৰ বাবে তেওঁ বিচ্ছিন্ন হৈ জয়ললিতাৰ স্মৃতিসৌধত ধৰম যুদ্ধ আৰম্ভ কৰে। ইয়াৰ পিছতে দলটো দুটা ভাগত বিভক্ত হয়: এটাৰ নেতৃত্বত এডাপ্পাদি কে পলানিস্বামী আৰু আনটো পন্নীৰচেলভামৰ নেতৃত্বত।

ডি এম কেত ডাঙৰ দায়িত্বৰ সন্মুখীন হ’ব পাৰে

তামিলনাডুৰ অন্তৱৰ্তীকালীন বাজেট অধিৱেশনৰ সামৰণিৰ দিনা সচিবালয়ত মুখ্যমন্ত্ৰী ষ্টেলিনক সাক্ষাৎ কৰে পন্নীৰচেলভামে। ইয়াৰ পিছতে শেহতীয়াকৈ সাংবাদিকৰ সৈতে হোৱা এক বাৰ্তালাপত পন্নীৰচেলভামে কয় যে ডি এম কেৰ মিত্ৰতা শক্তিশালী আৰু আগন্তুক বিধানসভা নিৰ্বাচনত ডি এম কে জয়ী হ’ব। ইয়াৰ পিছতে পান্নীৰ ডি এম কেত যোগদানৰ বিষয়ে আলোচনা আৰম্ভ হয়। ৰাজনৈতিক মহলত চৰ্চা চলিছে যে তেওঁক ডি এম কে দলত উল্লেখযোগ্য দায়িত্ব দিয়া হ’ব পাৰে। তেওঁক ডি এম কেৰ যুটীয়া সাধাৰণ সম্পাদকৰ পদ দিয়া হ’ব পাৰে বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande